NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰধান মন্ত্ৰী মোদীক লিখিত প্ৰশংসা বিল গেটছৰ

April 22, 2020 9:53 pm · এন ই নাও নিউজ
নৰেন্দ্ৰ মোদী

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰতবৰ্ষই বৰ্তমানলৈ গ্ৰহণ কৰা স্থিতিৰ বাবে সমগ্ৰ বিশ্বত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাতা বিল গেটছে ক’ৰ’না প্ৰতিৰোধৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে।

‘’কোভিদ-১৯-ৰ সংক্ৰমণৰ গ্ৰাফ নিম্নগামী কৰাৰ বাবে ল’কডাউনৰ দৰে সিদ্ধান্ত ঘোষণাৰে আপুনি আৰু আপোনাৰ চৰকাৰে গ্ৰহণ কৰা সক্ৰিয় পদক্ষেপৰ বাবে আপোনাৰ নেতৃত্বৰ শলাগ লৈছো,’’ গেটছে নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি লিখে।

আনহাতে, মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাতা গৰাকীয়ে ভাৰত চৰকাৰৰ ক’ৰ’না সংক্ৰমণৰ সম্ভাৱনা থকা ব্যক্তিৰ কণ্টাক ট্ৰেছিঙৰ বাবে মুকলি কৰা আৰোগ্য সেতু এপৰো প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত বিশ্বৰ বহুবোৰ দেশক প্ৰয়োজনীয় অত্যাৱশ্যকীয় ঔষধ যোগান ধৰাৰ বাবে প্ৰশংসিত হৈছে।

আমেৰিকা, ব্ৰাজিল, নেপাল, ভূটান, শ্ৰীলংকা, ইজৰাইল আদিৰ দৰে দেশৰ ৰাষ্ট্ৰপ্ৰধানে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছিল।

Related News