চুক্তি উলংঘনৰ অভিযোগ: টুইটাৰ ক্ৰয়ৰ প্ৰস্তাৱ বাতিল কৰিলে এলন মাস্কে

Elon Musk twitter deal

বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ বাবে তেওঁৰ ৪৪ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ বাতিল কৰিছে। টুইটাৰে ভুৱা একাউণ্টৰ সংখ্যাৰ বিষয়ে পৰ্যাপ্ত তথ্য প্ৰদান কৰাত ব্যৰ্থ হৈ চুক্তিৰ সামগ্ৰিক উলংঘন কৰিছে বুলি অভিযোগ কৰি এলন মাস্কে এই সিদ্ধান্ত লয়।

টুইটাৰৰ ব্যৱসায় আৰু বিত্তীয় প্ৰদৰ্শন আৰু একত্ৰীকৰণ সমাপ্ত কৰাৰ বাবে ভুৱা বা স্পাম একাউণ্টৰ তথ্য মৌলিক প্ৰয়োজন বুলি উল্লেখ কৰিছিল মাস্কে।

যোৱা দুমাহ ধৰি মাস্কে এই তথ্য বিচাৰি আছিল যদিও কোম্পানীটোৱে তথ্য প্ৰদান কৰাত বিফল হয় বুলি মাস্কৰ উকীল মাইক ৰিংলাৰে অভিযোগ কৰিছে।

এলন মাস্কৰ অধিবক্তাসকলে টুইটাৰৰ কাৰ্যবাহী পৰিষদলৈ লিখা এখন পত্ৰত টুইটাৰে চুক্তিৰ একাধিক ব্যৱস্থাৰ উলংঘন কৰিছে বুলি অভিযোগ কৰিছে।

আনহাতে টুইটাৰে চুক্তিখন বলবলৱৎ কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে।

টুইটাৰৰ অধ্যক্ষ ব্ৰেট টেইলৰে টুইটযোগে দুয়োপক্ষৰ মাজত এক সম্ভাৱ্য আইনী যুঁজৰ ঈঙ্গিত দি লিখিছে, “টুইটাৰ বোৰ্ড মাস্কৰ সৈতে হোৱা মূল্য আৰু চৰ্তাৱলীৰ ওপৰত লেনদেন বন্ধ কৰিবলৈ সন্মত হৈছে আৰু একত্ৰীকৰণ চুক্তি বলৱৎ কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে।”

চুক্তিৰ চৰ্তাৱলী অনুসৰি এলন মাস্কে টুইটাৰৰ সৈতে বিত্তীয় লেনদেন সম্পূৰ্ণ নকৰিলে ১ বিলিয়ন ডলা ক্ষতিপূৰণ পৰিশোধ কৰিব লাগিব।

উল্লেখ্য যে যোৱা মে’ মাহত মাস্কে টুইটাৰত ভুৱা আৰু স্পাম একাউণ্টৰ সংখ্যাৰ তথ্যৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱাৰ বাবে টুইটাৰ ক্ৰয়ৰ চুক্তি অস্থায়ীভাৱে স্থগিত আছে বুলি উল্লেখ কৰিছিল।

টুইটাৰে তেওঁলোকৰ ব্যৱহাৰকাৰীৰ ভিতৰত ৫ শতাংশতকৈও কম স্পাম আৰু বট একাউণ্ট আছে বুলি কৰি অহা দাবীৰ সমৰ্থনত উপযুক্ত প্ৰমাণ বিচাৰিছিল মাস্কে।

এই প্ৰমাণ দিবলৈ টুইটাৰ অসমৰ্থ হোৱাৰ বাবেই মূলত মাস্কৰ টুইটাৰ ক্ৰয়ৰ চুক্তি প্ৰায় বাতিল হোৱাৰ দিশত আগবাঢ়িছে।