গুৱাহাটীত উন্মোচিত হ’ল বিনীশা দেৱীৰ উপন্যাস “গোসাঁনী”

উপন্যাসখনত সন্নিৱিষ্ট হৈছে অসমৰ ইতিহাসত ঘটি যোৱা কেতবোৰ স্পৰ্শকাতৰ ঘটনা

book123

বুধবাৰে গুৱাহাটীৰ এক সভাগৃহত দিনৰ ১ বজাত অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক- সাহিত্যিক,ঔপন্যাসিক তথা ‘সাতসৰী ’ আলোচনী আৰু ‘সাদিন’ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে লেখিকা বিনীশা দেৱীৰ নৱতম উপন্যাস “গোসাঁনী”ৰ শুভ উন্মোচন কৰে৷

এইখন সমাজৰে এগৰাকী জীৱন্ত নাৰীৰ কাহিনীৰে লেখিকা বিনীশা দেৱীয়ে অতীজৰ অসমীয়া সমাজখনৰ বহু কথা “গোসাঁনী “শীৰ্ষক নৱতম উপন্যাসখনত প্ৰতিফলিত কৰিছে ।

যিখন সমাজত আছিল বাল্যবিবাহ,অন্ধবিশ্বাস,নাৰী শিক্ষাৰ প্ৰতিবন্ধকতা৷ উপন্যাসখনত সন্নিৱিষ্ট হৈ আছে গতিশীল সময়ত অসমৰ ইতিহাসত ঘটি যোৱা কেতবোৰ স্পৰ্শকাতৰ ঘটনা৷

গল্প আৰু কবিতা ৰচনাৰেও সাহিত্য চৰ্চা কৰি অহা বিনীশা দেৱীৰ তৃতীয়খন উপন্যাস “গোসাঁনী “অনলাইনযোগেও উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে৷আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত অতিথি হিচাপে সাংবাদিক জগদীশ পাটগিৰি,গীতিকাৰ তথা সাংবাদিক মানসী বায়ন,ৰূপাঞ্জলী নাথ, গায়ক তথা গ্ৰন্থ প্ৰকাশক ৰাকেশ গোস্বামী সহিতে কেইবাগৰাকীও গ্ৰন্থ অনুৰাগী উপস্থিত থাকে ৷

বিনীশা দেৱীৰ ২০৭ পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ পানবজাৰৰ এম আৰ পাব্লিকেশ্যনৰ হৈ অপূৰ্ব কলিতাই৷

সাংবাদিক দৰ্শনা বৰুৱাই আঁত ধৰা তথা “ক’ভিড প্ৰ’টকল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি কেইগৰাকীয়ে সদ্য উন্মোচিত গ্ৰন্থখনৰ ভিন্ন দিশৰ এক আলোচনা কৰে৷