NORTHEAST NOW (Assamese)

পুনৰ দুদিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ শৃংখল চলিহাক; ‘অসমৰ ৰাইজে যুদ্ধ নেৰিব’ শৃংখলৰ আহ্বান

December 28, 2019 8:16 pm · কল্পজ্যোতি শইকীয়া

পুনৰ দুদিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ কৰা হৈছে বীৰ লাচিত সেনা অসমৰ সাধাৰণ সম্পাদক শৃংখল চলিহাক। ইয়াৰ পূৰ্বেও দুবাৰকৈ শৃংখলক নিজৰ জিম্মাত লৈছিল চি আই ডিয়ে। নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জনাইছে শৃংখলৰ হৈ ওকালতি কৰা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে পুনৰ দুদিনৰ চি আই ডিৰ জিম্মালৈ শৃংখলক প্ৰেৰণ কৰিছে বুলি সদৰী কৰি হাজৰিকাই কয় ‘যোৱা ২৩ ডিচেম্বৰত শৃংখলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২৪ ডিচেম্বৰত আদালতত ১৪ দিনৰ জিম্মাত বিচৰাত দুদিনৰ বাবে চি আই ডিৰ জিম্মাত দিছিল। তাৰ পাছত ২৬ ডিচেম্বৰৰ দিনা চি আই ডিয়ে পাঁচদিনৰ জিম্মাত বিচৰাত পুনৰ দুদিনৰ বাবে জিম্মাত দিছিল। আজি পুনৰ ৩ দিন জিম্মাত বিচাৰিছিল যদিও আদালতে পুনৰ দুদিনৰ জিম্মাত দিয়ে।‘

আনহাতে মুখ্য ন্যায়িক দণ্ডাধীশ নতুনকৈ অহাৰ বাবে শৃংখল চলিহাক পুনৰ চিআইডিৰ জিম্মালৈ দিলে বুলি হাজৰিকাই জনায়। ‘এয়া সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ’ বুলি উল্লেখ কৰি হাজৰিকাই শৃংখলৰ বিৰুদ্ধে ৰাষ্ট্ৰদোহ, ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰাকে ধৰি কেইবাটাও ধাৰা সনিবিষ্ট কৰা বুলি জনায়।

ইফালে আদালতত উপস্থিত হোৱাৰ সময়ত সংবাদমাধ্যমৰ আগত মন্তব্য দি শৃংখল চলিহাই কয় ‘দেশ-জাতি আটাইতকৈ ডাঙৰ, অসম নামৰ মাজনী আটাইতকৈ ডাঙৰ। অসমৰ ৰাইজে যুদ্ধ নেৰিব।‘

উল্লেখযোগ্য যে শৃংখলৰ বিৰুদ্ধে ধাৰা নং 120B121/121A/122/123/147/148/150/153/153A/326/333/353-ত চি আই ডিয়ে 30/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল।

অহা ৩০ ডিচেম্বৰত চি আই ডিয়ে পুনৰ আদালত হাজিৰ কৰাব লাগিব শৃংখল চলিহাক।

Related News