NORTHEAST NOW (Assamese)

সংগ্ৰাম আগতকৈও অধিক তীব্রতৰ হ’ব; অসম নামৰ ‘মা’ জনীৰ লগত No compromise : মকুলি হৈয়ে প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ

January 12, 2020 10:11 am · কল্পজ্যোতি শইকীয়া
Updated: January 12, 2020 1:14 pm

২০ দিনৰ অন্তত বৰপেটা জেইলৰ পৰা মুকলি আকাশৰ তললৈ আহিল ‘ক’ বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহা। দেওবাৰে পুৱা ৭ বজাত বৰপেটা জেইলৰ পৰা মুকলি কৰা হয় বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক গৰাকীক।

জেইলৰ পৰা ওলাই আহিয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰথম প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ।

তেওঁ কয় “সংগ্ৰাম আগতকৈও অধিক তীব্রতৰ হ’ব। অসম নামৰ ‘মা’ জনীৰ লগত no compromise, এই কথা আগতেও কৈছোঁ, আগলৈও কৈ যাম।”

ইপিনে, “অসমীয়া জাতি যুঁজাৰু জাতি,” বুলি মন্তব্য কৰি তেওঁ লগতে কয় “আমি বহুবাৰ যুঁজিছোঁ। ‘কা’ ৰ বিৰুদ্ধে যুঁজত জয় হোৱাটো নিশ্চিত। ঐতিহাসিক যুদ্ধত হৰাৰ উদাহৰণ নাই সেয়েহে আমি জয়ী হ’মেই।”

তেওঁ সকলোকে ধন্যবাদ জনাই কয় “অসমবাসী ৰাইজ, সংবাদমাধ্যম আৰু মোৰ হৈ ওকালতি কৰা অধিবক্তাসকলক ধন্যবাদ, বিশেষকৈ ধন্যবাদ বৰপেটাবাসী ৰাইজক। তেওঁলোকে দিয়া মৰম আশীৰ্বাদ, স্নেহ শ্ৰদ্ধাৰে সুৱঁৰিছো।”

বৰ্তমান বৰপেটাৰ পৰা গুৱাহাটীত উপস্থিত হৈছেহি শৃংখল চলিহা। গুৱাহাটীৰ পৰা পোনে পোনে শিৱসাগৰলৈ ৰাওনা হ’ব শৃংখল।

উল্লেখযোগ্য যে, উজনি অসমত “নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰবল সংগ্ৰাম গঢ় দিয়াৰ সময়তে যোৱা ২৩ ডিচেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখলক।

তাৰ পাছত যোৱা ২৪ ডিচেম্বৰত CID য়ে তেওঁক ১৪ দিনৰ জিম্মাত বিচাৰিছিল যদিও দুদিনৰ বাবেহে জিম্মাত দিছিল। তাৰ পাছত ২৬ ডিচেম্বৰৰ দিনা চি আই ডিয়ে পাঁচদিনৰ জিম্মাত বিচৰাত পুনৰ দুদিনৰ বাবে জিম্মাত দিছিল।

শৃংখল চলিহাৰ বিৰুদ্ধে ধাৰা নং 120B121/121A/122/123/147/148/150/153/153A/326/333/353-ৰ অধীনত চি আই ডিয়ে 30/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল।

Related News