হায়দৰাবাদৰ ধৰ্ষণ তথা হত্যাৰ ঘটনা সন্দৰ্ভত বিৰাট কোহলীয়ে ক’লে; এয়া অত্যন্ত লজ্জাজনক

kohli-2-e1557552201827

হায়দৰাবাদৰ পশু চিকিৎসকগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। ঘটনাটোৰ ভয়ংকৰ বৰ্বৰতা দেখি ৰাইজৰ ক্ষোভ ক্ষান্ত নোহোৱা হৈছে। ছচিয়েল মিডিয়াতো ঘটনাটোক লৈ সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ।

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীৰ লগতে আন বহুকেইগৰাকী ক্ৰিকেটাৰেও এই ঘটনাটো সম্পৰ্কে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে।

ঘটনাটো সন্দৰ্ভত টুইট কৰি বিৰাট কোহলীয়ে লিখিছে যে হায়দৰাবাদত যিটো ঘটিল এয়া অত্যন্ত লজ্জাজনক।

টুইটত তেওঁ লগতে লিখিছে- এতিয়া সমাজে আগবাঢ়ি আহি দায়িত্ব লোৱাৰ আৰু এনেধৰণৰ অমানৱীয় ঘটনাৰ অৱসান ঘটোৱাৰ সময় আহি পৰিছে।

ইৰফান পাঠানেও টুইটাৰত লিখিছে যে শাসন যাৰেই নহওক কিয় যেতিয়া মানৱতাৰ মৃত্যু হয় তেতিয়া সমগ্ৰ দেশে কান্দে।

শিখৰ ধাৱানে টুইটত লিখিছে যে এয়া অত্যন্ত বেদনাদায়ক, অস্থিৰ কৰি তোলা আৰু লজ্জাজনক ঘটনা। দোষীয়ে নিশ্চিতভাৱে শাস্তি পোৱা উচিত।

ভি ভি এছ লক্ষ্মণে টুইটত লিখিছে যে কোনোৱে কেলেকৈ ইমান বৰ্বৰ আৰু জঘন্য অপৰাধ কৰিব পাৰে। মই এই ঘটনাৰ বিষয়ে জানিব পাৰি অস্থিৰ হৈ পৰিছো আৰু একো ক’ব পৰা নাই। চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দোষীক শাস্তি প্ৰদান কৰক।

ইপিনে গৌতম গম্ভীৰে এই ঘটনাকলৈ অত্যন্ত ক্ষোভিত হৈ পৰিছে। তেওঁ নিজৰ টুইটাৰ একাউন্টত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত এজনী ছোৱালী এটা কুকুৰৰ সৈতে বহি আছে। ফটোখনত লিখা আছে –ডাক্তৰ! আপুনি ভগবানৰ পৰা পৰীক্ষা কৰি পাৰিবনে যে কোন প্ৰকৃততে জন্তু।