ড° বীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যু অসমৰ বাবে অপুৰণীয় ক্ষতি : ডি ৱাই এফ আই
বিশিষ্ট সংগীতজ্ঞ, শিক্ষাবিদ, লোকসংস্কৃতিৰ গৱেষক ড° বীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যুত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ মৃত্যু অসমৰ সাহিত্য-সংস্কৃতিক জগতৰ বাবে বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে।
শ্ৰদ্ধেয় শিক্ষাবিদজনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথে তেখেতৰ ঘৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনায়।
এক উছৰ্গিত মনলৈ সদয়ে ৰাজ্যখনৰ সাহিত্য, সংস্কৃতি, লোককলাৰ সাধনাত ব্যস্ত থকা শিক্ষাবিদজনে ৰাজ্যখনলৈ বহু অৱদান আগবঢ়াই গৈছে।
গণতান্ত্ৰিক প্ৰমূল্যক সদায় আগস্থান দিয়া আৰু মানুহক ভাল পোৱা শিল্পী সাহিত্যক জনে ৰাজ্যখনৰ এক সংকটপূৰ্ণ সময়ত বিদায় মাগিলে। এয়া সমগ্ৰ অসমবাসীৰ বাবেই এক হৃদয় বিদাৰক ঘটনা।
ৰাজ্যবাসীৰ মৰম আৰু শ্ৰদ্ধা আদায় কৰিবলৈ সক্ষম হোৱা শিক্ষাবিদজনৰ মৃত্যুত ডি ৱাই এফ আইয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধ সকললৈ সমবেদনা জ্ঞাপন কৰিছে।