NORTHEAST NOW (Assamese)

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এটা মেছেজত থৰকাচুটি হেৰুৱাইছে বিশ্বনাথ স্বাস্থ্য বিভাগে

April 13, 2020 6:31 pm · কাজী জেইদুল ইছলাম
Updated: April 13, 2020 6:41 pm

কোৱাৰেন্টাইনৰ নামত চৰম দায়িত্বহীন কাৰ্য্য সংঘটিত কৰিলে বিশ্বনাথৰ স্বাস্থ্য বিভাগে। তিল তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে ত্যাগবীৰ হেম চন্দ্ৰ বৰুৱাৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকাক।

উল্লেখ যে প্ৰাক্তন অধ্যক্ষ গৰাকী নিজ পৰিয়ালৰ লগত ১৫ মাৰ্চ তাৰিখে চিকিৎসাৰ বাবে গৈছিল চেন্নাই। কিন্তু ২২ মাৰ্চ তাৰিখে চেন্নাইৰ পৰা উভতি আহি বিশ্বনাথৰ চিকিৎসক এজনৰ পৰামৰ্শ অনুসৰি নিজাববীয়াকৈ থাকিল হোম ‍কোৱাৰেইন্টাইনত।

আনহাতে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ শৰীৰত তেজৰ অভাৱ থকাৰ বাবে চেন্নাইৰ চিকিৎসকে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ শৰীৰত তেজ ল’বলৈ পৰামৰ্শ দিছিল যদিও ১৪ দিনৰ হোম কোৱাৰেইন্টাইন থকা বাবে সেই তেজ ল’বলৈ সক্ষম নহ’ল প্ৰাক্তন অধ্যক্ষ গৰাকী। কিন্তু ১৪ দিন হোম কোৱাৰেইন্টাইনত থকাৰ পিছত প্ৰাক্তন অধ্যক্ষ গৰাকীৰ শৰীৰত তেজৰ পৰিমাণ কমি যোৱাৰ বাবে স্বাস্থ্যৰ অধিক অবনতি ঘটে।

ইফালে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ স্বাস্থ্য অধিক অৱনতি হৈ এতিয়া  শৰসয্যাত। অৱশেষত নিৰূপাই পৰিয়ালটোয়ে জিলা উপায়ুক্ত, স্থানীয় বিধায়ক আৰু আন স্থানটো বিষয়টো অৱগত কৰি সহায়ৰ বাবে সকলোৰে ওচৰত হাত পাতিলে। কিন্তু নাহিল কোনো ফালৰ পৰা কোনো সদোত্তৰ। এইফালে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটি তিল তিল কৈ মৃত্যুৰ ক্ষণ গনিবলৈ শৰশয্যাত পৰিছে।

নিজে হোম কোৱাৰেন্টাইনত থকা স্বতেও সংশ্লিষ্ট কতৃপক্ষক বাৰে বাৰে অৱগত কৰাৰ পিছতো এজনো স্বাস্থ্য বিভাগৰ লোক উপস্থিত নহ’ল প্ৰাক্তন অধ্যক্ষ গৰাকীৰ ঘৰত।  ওলোটাই ১৪ দিন হোম কোৰেইন্টাইত থকা পিছতো কোনো ধৰণৰ বুজ নলৈ পুনৰ বিশ্বনাথৰ স্বাস্থ্য বিষয়া ডাঃ এলিজা ডেকাই ২৮ দিনৰ হোম কোৰেইন্টাইত থাকিবলৈ কয় আৰু পৰিয়ালৰ লোকে চিকিৎসক গৰাকীক প্ৰাক্তন অধ্যক্ষ গৰাকীৰ শাৰীৰত তেজ কমি মূমুৰ্ষ অৱস্থাত হোৱাৰ কথা উল্লেখ কৰাত চিকিৎসক গৰাকীয়ে পৰিয়ালটোক কথা নামানিলে জেললৈ পঠিওয়াৰ ভাবুকিহে প্ৰদান কৰে।

কিন্তু আজি পৰিয়ালটোয়ে উপায়ন্তৰ হৈ সম্পূৰ্ন বিষয়টো স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মেচেজ যোগে জনোৱাত হে থৰকাচুটি হেৰুয়াই বিশ্বনাথৰ স্বাস্থ্য বিভাগে । আজি ২২ দিন উকলি যোৱাৰ পিছতহে বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ এটা দল উপস্থিত হৈ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ ঘৰলৈ আৰু বুজ  লয়  স্বাস্থ্যৰ ।

বিশ্বনাথ  স্বাস্থ্য বিভাগে শৰশয্যাৰ পৰি থকা প্ৰাক্তন অধ্যক্ষ গৰাকীৰ স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতে সকলোৱে চোকা নজৰ ৰাখিছে।

Related News