ৰাজ্যসভালৈ নে বিধানসভালৈ এইবাৰ বিশ্বজিৎ দৈমাৰী! কি ক’লে প্ৰাক্তন সাংসদ গৰাকীয়ে?

Biswajit Daimari

ফটো: নৰ্থইষ্ট নাও।

বিপিএফ বাদ দি বিজেপিলৈ অহাৰ পিছত বিশ্বজিত দৈমাৰীয়ে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ ফলত ৰাজ্য সভাৰ এখন আসন খালি হৈছে।

ৰাজ্যসভাৰ আসনখনৰ নিৰ্বাচন অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত পূৰ্বৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ নামো প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছে।

এই সন্দৰ্ভত প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যসভাৰ এখন আসন খালী  হৈছে আৰু সেই আসনত কোন কোন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে সেইটো সময়েহে কব।

খালি হৈ থকা আসনখনত কাক প্ৰাৰ্থিত্ব দিব সেয়া সিদ্ধান্ত হোৱা নাই বুলি জানিব দি কয় যে বিজেপি দলত যিহেতু কৰ্ণ নিৰ্ধাৰণ সমিতি আছে তেওঁলোকে এই ক্ষেত্ৰত সিদ্ধান্ত লৱ। ইয়াত ব্যক্তি সিদ্ধান্ত নচলে। কাক পঠালে ভাল হব সেইটো কৰ্ণ নিৰ্ধাৰণ সমিতিয়ে সিদ্ধান্ত লৱ।

তেওঁ লগতে কয় যে মই বিজেপি দলত তেনেই নতুন। মোৰ ব্যক্তিগত কথা ইয়াত নচলে। দলৰ সিদ্ধান্ত মতেহে ইয়াত কাম চলে। নিশ্চিতভাবে ভাল ব্যক্তি এজনক ৰাজ্য সভালৈ পঠাব।

আনহাতে, সমাগত বিধানসভা নিৰ্বাচনত  প্ৰাৰ্থী হিচাপে কি ভূমিকা গ্ৰহণ কৰিব তাৰ উত্তৰত তেখেতে জানিব দি কয় যে বিজেপি আৰু ইউপিপিএলৰ মাজত মিত্ৰতা আছে আৰু সেইদৰে আসন বুজাবুজিৰ দ্বাৰা সিদ্ধান্ত লোৱা হব।

তেওঁ কয় যে বিজেপিৰ লক্ষ্য বৰ্তমান ১০০ +। এই ক্ষেত্ৰত মই যিমান পাৰো দলক সহায় কৰিম। প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি দলৰ বহুতো প্ৰক্ৰিয়া আছ। গতিকে দলে নিৰ্ণয় কৰিব কাক ক’ত প্ৰাৰ্থিত্ব প্ৰদান কৰে।

তামুলপুৰ বিধানসভা সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াব নেকি বুলি সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে কয় যে  সেইদৰে ভবাৰ অধিকাৰ সকলোৰে আছে। মই যিহেতু এটা সময়ত তামুলপুৰৰ বিধায়ক আছিলো গতিকে মোক ভালপোৱা মানুহ তামুলপুৰত আছে আৰু  সমষ্টিত মোক প্ৰাৰ্থী হিচাপে বিচাৰিব পাৰে। কিন্তু কাক প্ৰাৰ্থিত্ব দিয়ে  এইবোৰ সিদ্ধান্ত দলেহে লব।

তেওঁ লগতে কয়, ‘’বিটিচি এলেকাত বিধানসভা নিৰ্বাচনত আমি বিজেপি,ইউপিপিএল আৰু গণ সুৰক্ষা দলে উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰি জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদান কৰিম।‘’

সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে বিধানসভা নিৰ্বাচনৰ পিছত বিটিআৰৰ কনো ৰদ বদল নহব। ইয়াত চৰকাৰ ভঙা পতাৰ কথা কোনো দিশৰ পৰা আহিব নোৱাৰে।

তামুলপুৰ সমষ্টিত যুৱ চামে প্ৰাৰ্থিত্ব বিচৰাক লৈ প্ৰশ্ন কৰাত দৈমাৰীয়ে কয় যে এয়া শুভ লক্ষণ। দলে নিশ্চয় এই ক্ষেত্ৰত বিবেচনা কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।