বিশ্বনাথত ৭৩ তম গণৰাজ্য দিৱস উদযাপন কৰাৰ বাবে সাজু জিলা প্ৰশাসন

সমগ্ৰ দেশবাসী সাজু হৈছে ৭৩ তম গণৰাজ্য দিৱস উদযাপন কৰাৰ বাবে । সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো ইতিমধ্যে সাজু হৈছে গণৰাজ্য দিৱস উদযাপন কৰাৰ বাবে ।

বিশ্বনাথৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থিত কাছাৰী ময়দানত অনুশীলন চলি আছে আৰক্ষী, অৰ্ধ সামাৰিক বাহিনীৰ লগতে NCC দলৰ ।

গণৰাজ্য দিৱসত সফল কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ প্ৰায় সম্পূৰ্ণ হৈছে সকলো প্ৰক্ৰিয়া ।

কিন্তু গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত প্ৰকাশ পোৱা SOP ৰ বাবে পূৰ্বৰ তুলনাত বহু কাৰ্যসূচী বাতিল কৰা হৈছে ।

ফলত পূৰ্বৰ দৰে দৰ্শকৰ সমাগমো থাকিব নিৰ্ধাৰিত নিয়ম অনুসৰি । এই কথা প্ৰকাশ কৰিছে বিশ্বনাথৰ সদৰ মহকুমাধিপতি বিশ্বজিৎ শ‌ইকীয়াই ।