জালনোট চক্ৰৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীৰ ঘৰত উদ্ধাৰ পিষ্টল

Assam

বিশ্বনাথ চাৰিআলিৰ পৰা সমগ্ৰ ৰাজ্যতে জালনোটৰ ৰমৰমীয়া বেপাৰ চলাই থকা জালনোট চক্ৰৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীৰ গৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ৭.৬২ mm পিষ্টল৷

উল্লেখ্য যে শনিবাৰে পুৱতি নিশা বিশ্বনাথ আৰক্ষীৰ এটা দলে উৎখাট কৰিছিল বৃহৎ জালনোট চক্ৰটোক।

এই দুষ্ট চক্ৰটোৰ পৰিচালনাৰ মাষ্টাৰ মাইণ্ড আমিৰ আলী নামৰ ব্যক্তিজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

অভিযুক্ত আমিৰ আলীৰ মাজুলী গড়ৰ কমাৰবস্তীৰ পুৰণি ঘৰৰ পৰা শনিবাৰে নিশা আৰক্ষীয়ে এই পিষ্টলটো উদ্ধাৰ কৰে৷

ইয়াৰ পূৰ্বে শনিবাৰে পুৱা আমিৰ আলীৰ পৰা উদ্ধাৰ হৈছিল ৭.৬২ পিষ্টলৰ ৫০ জাঁই গুলী আৰু ৭.৭২ mm পিষ্টলৰ ১৮ জাঁই গুলী উদ্ধাৰ কৰিছিল।

লগতে অভিযানত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ সজীৱ গুলীসহ নকল সোণ, নকল টকা ছপোৱা মেচিনসহ বহু আপত্তিজনক সামগ্ৰী।

জব্দ কৰা হৈছিল জালনোট ছপোৱা মেচিন এটা, ১০ টা ৫০০ টকীয়া জাল নোটৰ বাণ্ডোল সহ মুঠ ৫ লাখ ৪৯ হাজাৰ ৫০০ টকা জালনোট।

তদুপৰি, বিদেশী নোট এক ডলাৰ, সোণ গলোৱা হিটাৰ, ১০ টা মোবাইল ফোন, মণিপুৰ আৰু অৰুণাচলৰ সন্দেহজনক বহু ব্যক্তিৰ আধাৰ, পান কাৰ্ড আৰু এ টি এম উদ্ধাৰ হৈছিল।

AS07U 1799 আৰু ASO7N 0399 নম্বৰৰ পালচাৰ বাইক ২ খন জব্দ আৰু AS12AA3517 নম্বৰৰ চুইফট ডিজায়াৰ এখনো জব্দ কৰিছিল আৰক্ষীয়ে।

আমিৰ আলীৰ লগতে আটক কৰা হৈছিল লক্ষীমপুৰৰ আটিকুল ইছলাম,মফিজুদ্দিন আহমেদ,ছাইফুল ইছলাম আৰু হবিবুৰ ৰহমান নামৰ ৫ জন ব্যক্তিক।

আমিৰ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত শনিবাৰে সন্ধিয়া পুৰণি ঘৰৰ দোকানৰ চিলিঙত লুকুৱাই ৰখাৰ পৰা আৰক্ষীয়ে পিষ্টলটো উদ্ধাৰ কৰে।

সম্প্ৰতিও আৰক্ষীয়ে নতুন তথ্য উদঘাটনৰ বাবে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ অভিযানত আমিৰ আলীয়েই পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰিছে।

এই সন্দৰ্ভত সংবাদ মেল যোগে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে।