• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নদীৰ নায়ক বিট্টু তাবাহি

উৰ্বশী মহন্ত by উৰ্বশী মহন্ত
September 7, 2026 7:28 pm
176
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ বিয়াওৰাৰ ২১ বছৰীয়া যুৱকজনৰ নাম সুৰেন্দ্ৰ সিং চৌধুৰী। তেওঁ বিজ্ঞান শাখাৰ স্নাতক মহলাৰ ছাত্ৰ। সম্প্ৰতি ইণ্টাৰনেটৰ পৃথিৱীত সুৰেন্দ্ৰ জনপ্ৰিয় ‘বিট্টু তাবাহি’ নামেৰে। চৰকাৰ বা বৃহৎ সংস্থাৰ সহায় নোলোৱাকৈ প্ৰচণ্ড ইচ্ছাশক্তিৰে তেওঁ ঘৰৰ ওচৰৰ অজনাৰ নামৰ লেতেৰা নদীখন অকলে পৰিষ্কাৰ কৰি সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। সামাজিক মাধ্যমত বিট্টুৱে প্ৰকাশ কৰা নদীখনৰ ‘আগৰ’ আৰু ‘পাছৰ’ দৃশ্যই সকলোৰে চকু থৰ কৰে। ২০২৬ চনৰ ২৬ জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা তেওঁ নদীখন পৰিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অৱস্থাত কেইজনমান বন্ধুৱে সহায় কৰিছিল যদিও পিছলৈ বিট্টু সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। প্ৰতিদিনে আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অকলেই নদীত নামি আৱৰ্জনা বুটলাৰ কাম আৰম্ভ কৰে।

 

Apply Now

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিট্টুৱে সাঁতুৰিব নাজানিছিল আৰু তেওঁৰ ওচৰত কোনো বিশেষ সুৰক্ষা সঁজুলিও নাছিল। স্বাভাৱিকতেই বিষাক্ত লেতেৰা পানী আৰু বোকাত নামি কাম কৰাৰ বাবে হাত-ভৰিত গুৰুতৰ সংক্ৰমণ হৈছিল। ইয়াৰ উপৰিও লেতেৰা জাবৰৰ মাজত থকা অসংখ্য সাপেও অশান্তি কৰিছিল। এনে অজস্ৰ প্ৰতিকূলতাৰ মাজতো বিট্টুৱে নিজৰ জেপ খৰচৰ প্ৰায় ৩০,০০০ টকাৰে জাবৰ পেলোৱা বেগ, সঁজুলি আৰু ডাষ্টবিন কিনে। নদীখন পৰিষ্কাৰ কৰি থকা অৱস্থাত বহু লোকে তেওঁক উপলুঙা কৰিছিল। কেৱল সামাজিক মাধ্যমত ভিউজৰ বাবে এই নাটক কৰিছে বুলি সমালোচনা কৰা মানুহৰো অভাৱ নাছিল। আনকি চাফা কৰি থকা দেখিও মানুহে জাবৰ বা পূজাৰ সামগ্ৰী পেলাবলৈ এৰা নাছিল। কিন্তু বিট্টুৱে অসীম ধৈৰ্যৰে অকলে এখন আৱৰ্জনাময় নদী পৰিষ্কাৰ কৰি পুৰণি কথাটো নতুনকৈ প্ৰমাণ কৰিলে যে, মানুহে ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম একো নাই।

 

প্ৰাচীন ভাৰতীয় সভ্যতাৰ ইতিহাস হাজাৰ বছৰ পুৰণি। কিন্তু দুখৰ কথা যে ভাৰতীয়সকলক সংস্কৃত হ’বলৈ আৰু কেইবা হাজাৰ বছৰৰ প্ৰয়োজন হ’ব। এই বিষয়ত এতিয়া আৰু কোনো দ্বিমত থাকিব নোৱাৰে যে বৰ্তমান সময়ৰ আটাইতকৈ চিন্তনীয় সমস্যাসমূহৰ ভিতৰত পৰিৱেশ প্ৰদূষণ অন্যতম। জীৱনদায়িনী নদী বা প্ৰাকৃতিক জলাশয়ৰ অভাৱ আমাৰ নাই। কিন্তু দুৰ্ভাগ্যৰ কথা যে অত্যধিক প্ৰেম আৰু ভক্তিৰসত নিমজ্জিত হৈ আমি নদীবোৰক পূজাৰ সামগ্ৰী আৰু আৱৰ্জনাৰে ভৰাই পেলাইছো। নদীক পূজা কৰা মানুহবোৰে ঘৰৰ সমস্ত ময়লা আনি নদীৰ বুকু উপচাই দিয়েহি। ভাৰতীয়সকলৰ এই প্ৰেম দেখিলে আমিৰ খান অভিনীত ‘পি কে’ চিনেমাখনলৈ মনত পৰে। পি কেত এলিয়েন আমিৰ খানে কৈছে, এজন মানুহে মই কুকুৰা ভালপাওঁ বুলি ক’লে ভুল নুবুজিবা। এই ভালপাওঁৰ অৰ্থ মৰম বা ৰক্ষণাবেক্ষণ নহয়। ইয়াৰ অৰ্থ কুকুৰাটো চিধাই তন্দুৰত বা গৰম তেলত পৰি মানুহৰ পেটলৈ যোৱাহে! আড্ডাত ব্যৱস্থাক গালি পৰা আৰু ঘৰখন-পদূলিটো চিকুণাই জাবৰ-জোঁথৰবোৰ কাষৰ পদূলিটোলৈ ঠেলি দিয়াই মানুহৰ অভ্যাস। কোটিটকীয়া গাড়ীৰ পৰা পানীৰ বটল দলিয়াই ৰাস্তা লেতেৰা কৰা, চিটিবাছ-বাইক-গাড়ীৰ পৰা ফিল্মী কায়দাত গুটখাৰ পিক পেলোৱা অসমীয়া ৰজনীকান্তৰো অভাৱ নাই। সকলোৰে চিন্তা মুঠতে ঘৰখন চাফা হৈ থাকক। বাকীবোৰ জহন্নামে যাওক।

 

অৱশ্যে ভাৰতবৰ্ষ বৈচিত্ৰ্যৰ দেশ। বিচিত্ৰ ইয়াৰ মানৱ চৰিত্ৰও। পত্নীপ্ৰেমত দশৰথ মাঝিয়ে পৰ্বতৰ মাজত অকলেই ৰাস্তা কাটি উলিওৱা, স্বামীৰ চিকিৎসাৰ বাবে মহাৰাষ্ট্ৰৰ ৬০ বছৰীয়া লতা ভগৱান খাৰেই শুদা ভৰিৰে শাৰী পিন্ধি মাৰাথন দৌৰত জয়ী হোৱা ভাৰতবৰ্ষত অসম্ভৱ বুলি কিবা আছে নে? যদিহে মনেৰে কৰিম বুলি ডাঠি লয়, অসম্ভৱ বুলি একো নাই।

 

ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি আনন্দ মহিন্দ্ৰাই বিট্টুৰ এই কামক টুইটাৰত শ্বেয়াৰ কৰি সমগ্ৰ দেশৰ বাবে এয়া Monday Motivation অৰ্থাৎ নতুন দিনৰ শক্তি বা প্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে। নেদাৰলেণ্ডৰ বিশ্ববিখ্যাত পৰিৱেশ সংস্থা ‘দ্য অ’চেন ক্লীনআপ’ৰ প্ৰতিষ্ঠাপক বয়ান স্লেটে বিট্টুৰ কামত অভিভূত হৈ সামাজিক মাধ্যমত পোনপটীয়াকৈ প্ৰস্তাৱ দিয়ে “আমাৰ সৈতে কাম কৰিবলৈ আহা”। ইয়াৰ জৰিয়তে বিট্টুৰ কামে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে। বিট্টু তাবাহি সাধাৰণ হ’লেও ব্যতিক্ৰম। বিট্টুৱে কম বয়সীয়া জীৱনত অভিজ্ঞতাৰ পৰা বুজিছে যে আনক জগৰীয়া কৰিলেই সমস্যা সমাধান নহয়। আমি প্ৰথমে নিজে সজাগ হ’ব লাগিব। নিজে সজাগ হ’লেহে আনক জগৰীয়া কৰাৰ নৈতিক অধিকাৰ থাকে।

 

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে বিট্টু তাবাহিক তেওঁৰ আৱাসগৃহলৈ আমন্ত্ৰণ জনাই যুৱকজনৰ এই অপূৰ্ব দেশপ্ৰেম তথা দৃঢ়তাক প্ৰশংসা কৰাৰ লগতে চৰকাৰী সহায়ৰ আশ্বাস প্ৰদান কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া প্ৰচাৰ কৰে। তাকে দেখি প্ৰখ্যাত ইউটিঊবাৰ ধ্ৰুৱ ৰাঠীয়ে মন্তব্য কৰিছিল – “তেওঁলোকে এতিয়া কৃতিত্ব ল’বলৈ আহিছে। ল’ৰাটোৱে অকলেই গোটেই কামখিনি কৰাৰ পাছত যেতিয়া ভাইৰেল হ’ল, তেতিয়া তেওঁলোকে তাক ফটো তুলিবলৈ মাতি আনিলে। আৰু বেপৰোৱা মানসিকতাৰে তাক কি ক’বলৈ লগাইছে? যে ‘চৰকাৰে ইতিমধ্যে নিজৰ কাম কৰি আছে।’ চৰকাৰে কি কৰিছে? একো নাই। কেৱল প্ৰচাৰ চলাইছে।” অৱশ্যে ৰাঠীৰ এই মন্তব্যক অত্যন্ত শালীনভাৱে প্ৰত্যুত্তৰ দিয়ে বিট্টুৱে – “ধ্ৰুৱ দাদা এয়া কৃতিত্ব লোৱাৰ কথা নহয়। চৰকাৰে মোৰ কামক আগতেও প্ৰশংসা কৰিছিল। আচল সমস্যাটো হৈছে নাগৰিক চেতনা বা সমাজৰ প্ৰতি থকা দায়িত্ববোধ। মই কেৱল ইয়াকে বিচাৰো যাতে মানুহে নিজৰ দায়িত্ব বুজি পায় আৰু মই কৰাৰ দৰেই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে আগবাঢ়ি আহে।”

উৰ্বশী মহন্ত

উৰ্বশী মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd