• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

লোভনীয় চাকৰিৰ প্ৰস্তাৱ এৰি কষ্টকৰ পথ বাছি লোৱা এজন মেধাৱী ছাত্ৰনেতাৰ কথাৰে….

মাধুৰ্য বৰুৱা by মাধুৰ্য বৰুৱা
August 13, 2020 11:14 am
78238435_2526370060792379_1093899866456719360_o
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰুৰে পৰা খুব ষ্টাইলিচ্ আছিল ল’ৰাজন। কাঢ়া ইষ্ট্ৰি কৰা ছাৰ্ট-পেণ্ট, চিকচিকিয়া পলিচ কৰা জোতাযোৰ পিন্ধি বিদ্যালয়লৈ যাওঁতে ডিঙিত মৰা টাইডাল গাঁঠিটোও অলপ ইফাল-সিফাল হ’ব নোৱাৰিছিল তাৰ। ল’ৰাজনৰ ঘৰ ভাৰতৰ পূব প্ৰান্তৰৰ অন্তিমটো ৰেল জংচন মাকুম নামৰ এখন সৰু চহৰৰ পৰা প্ৰায় তিনি কিঃ মিঃ দূৰৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। মাকুমৰে জে বি এম বাল্যভৱনত শিক্ষা জীৱন আৰম্ভ কৰি তিনিচুকীয়াৰ চেণ্ট ষ্টিফেন্স হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক আৰু ডিব্ৰুগড়ৰ অনিৰুদ্ধদেৱ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক এই দুয়োটা পৰীক্ষাতে কেইবাটাও বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ভূ-তত্ব বিভাগত কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উক্ত বিষয়তে প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ সন্মান লাভ কৰে।

মেধাৱী ছাত্ৰজনলৈ বহু ছাত্ৰ-ছাত্ৰীৰ স্বপ্নৰ প্ৰতিষ্ঠান আই আই টিৰ পৰা আহিছিল ‘কাউঞ্চেলিঙ’ৰ বাবে পত্ৰ, বিদেশৰ কোম্পানীৰ অতি উচ্চ বেতনৰ চাকৰিৰ প্ৰস্তাৱ। কিন্তু কটন কলেজত পঢ়িবলৈ যোৱাৰ পৰাই ছাত্ৰজনৰ জীৱনলৈ আহিছিল এক অভূতপূৰ্ব পৰিৱৰ্তন। ছাত্ৰজনে তাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সান্নিধ্যলৈ আহিল। মন-মগজুত অংকুৰিত হ’ল এখন শ্ৰেণীবিহীন, শোষণহীন সমাজৰ স্বপ্ন। জাতীয়তাবাদৰ আধাৰত সমাজবাদৰ আদৰ্শৰে অসমৰ প্ৰতি দিল্লীৰ উপনিৱেশিক মানসিকতা, শোষণ, আঞ্চলিক বৈষম্যৰ লগতে দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এক অবিৰত সংগ্ৰাম সংগঠিত কৰাত অন্যতম ভূমিকা গ্ৰহণ কৰিলে ছাত্ৰজনে। লগে-লগে ৰাষ্ট্ৰৰ দৃষ্টিত তেওঁ হৈ পৰিল এজন ৰাষ্ট্ৰদ্ৰোহী। নাম বিতু সোণোৱাল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তেওঁ।

“প্ৰাৰম্ভিক অৱস্থাত তাক চাকৰি এটাত সোমাই ল’বলৈ দেউতাক হিচাপে স্বাভাৱিকতেই মই জোৰ দিছিলো। যৌৱনৰ এনে সময়বোৰত পৃথিৱী সলনি কৰাৰ বৈপ্লৱিক চেতনাই বহুতৰে মগজুত স্থান পায়। প্ৰায়বোৰৰ ক্ষেত্ৰতেই এয়া সাময়িক পৰিঘটনা ৰূপে বিবেচিত হয়, সেই তাহানিতে মোৰ বহু বন্ধুবৰ্গৰ মাজতো এনে কল্পনা দেখিছিলো। কিন্তু পাছত চাকৰি-বাকৰি লৈ স্থিতাৱস্থাত চামিল হৈ গৈছিল। তাৰ ক্ষেত্ৰতো এয়াই হ’ব বুলি ভাবিছিলো।” সৰু কিন্তু আটোমটোকাৰিকৈ সজোৱা ঘৰটোৰ চ’ৰাঘৰত আমাক কথাষাৰ কৈছিল এসময়ত অসম আৰক্ষীত কৰ্মৰত বিতুৰ দেউতাক ৰবীন সোণোৱালে।

আজিৰ বিদেশত কৰ্মৰত হোৱা হ’লে স্বাভাৱিকতে লাভ কৰাত সামৰ্থৱান হ’লহেঁতেন শীত-তাপ নিয়ন্ত্ৰিত বিলাসী ফ্লেটৰ, নামী-দামী ব্ৰেণ্ডৰ গাড়ীৰ গৰাকী, এসময়ৰ অত্যন্ত ষ্টাইলিচ্ ছাত্ৰজনে বজাৰ কৰিলেহেঁতেন বিদেশী শ্বপিং ম’লত, হয়তো অৱসৰ-বিনোদন কৰিলেহেঁতেন কোনোবা সমুদ্ৰতীৰৰ পঞ্চতাৰকাযুক্ত ৰিজ’ৰ্টত। ইণ্টাৰনেচনেল ফ্লাইটত কেতিয়াবা ঘৰলৈ অহা বিতুক দেখি চুবুৰীয়াই ক’লেহেঁতেন “ওৱাও, এয়াহে ল’ৰা।” বিবাহযোগ্য কন্যাৰ অভিভাৱকে প্ৰস্তাৱ প্ৰেৰণ কৰিলেহেঁতেন, এনেও মডেল সদৃশ অত্যাধুনিকা স্বাভাৱিকতেই আকৰ্ষিত হ’লহেঁতেন, বেংক বেলেঞ্চতো ক’বই নালাগে।

“নাই, এতিয়া তাৰ জীৱনৰ পথ আৰু আদৰ্শৰ ক্ষেত্ৰত মোৰ কোনো আক্ষেপ নাই। কৰক, সি দেশ-জাতিৰ হকে যি ভাল দেখে কৰক। অটল আৰু দৃঢ় হৈ থাকক সি তাৰ আদৰ্শত।” এইবাৰ মাক পুণ্যলতা সোণোৱালে মন্তব্য আগবঢ়ালে। উল্লেখযোগ্য যে আমি বিতুৰ ঘৰলৈ যাওঁতে তেওঁ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল। “ক’ৰ’ণা”’ত আক্ৰান্ত হোৱা সত্বেও চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ খবৰে ঘৰখনক উদ্বিগ্ন কৰি তুলিছিল। তৎসত্বেও পিতৃ-মাতৃৰ এনে আপোচহীন দৃঢ় স্থিতিত অভিভূত হৈ পৰিছিলো।

তাৎপৰ্যপূৰ্ণ যে বিগত সাতটাকৈ মাহ কাৰাগাৰত বন্দী হৈ থকা সত্বেও “আছু”, “অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ”ৰ দৰে “কা” বিৰোধী সংগ্ৰামী সংগঠনৰ কোনো এজন নেতায়ো তেওঁলোকৰ খবৰ এটা ল’বলৈ অহা নাই। বিতুৰ পিতৃ-মাতৃয়ে কয় যে, “এই ক্ষেত্ৰত আমাৰ কোনো আক্ষেপ নাই। কিন্তু তেওঁলোকৰ বিশেষকৈ “আছু”ৰ এনে আচৰণে আমাক দুখ দিছে।”

কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনৰ প্ৰতি শাসকৰ দৃষ্টিভংগী অত্যন্ত কঠোৰ আৰু ৰূঢ়। সেইবাবেই হওক অথবা আন কিবা কাৰকৰ বাবেই হওক জনসাধাৰণৰ এক বৃহৎ অংশ এতিয়াও এক নিৰাপদ দূৰত্বত অৱস্থানৰত। তেনে অৱস্থাত বিতুৰ দৰে ছাত্ৰই স্থিতাৱস্থাৰ বিৰুদ্ধে সংগ্ৰামৰত হৈ নিজৰ সম্ভাৱনাময় অত্যন্ত বিলাসী জীৱনৰ ভৱিষ্যতটো ধ্বংস কৰা নাইনে?

“প্ৰথম অৱস্থাত দাদাৰ এনে কাৰ্যকলাপ মই অকণো ভাল পোৱা নাছিলো। তাক নমতাকৈও আছিলো। কিন্তু পাছলৈ তাৰ দৃঢ়তাৰ কাষত মোৰ সকলো অভিমান কৰ্পূৰৰ দৰে উৰি গ’ল। স্পষ্টকৈ কৈছো, সি চাকৰি কৰিব নালাগে। যিটো পথত সি থাকিব বিচাৰে তাতে থাকক। চাওঁক, হাতৰ মুঠিতে লুকাব পৰা এটা ক্ষুদ্ৰ গুটিতে ভৱিষ্যতৰ এডাল বিশাল বটবৃক্ষৰ সম্ভাৱনা লুকাই থাকে। শাসকে আজি জনসাধাৰণক পানীৰ দৰে বুলি ভাবিছে। য’ত যেনেকৈ থ’ব, তেনেকৈয়ে থকাৰ আশা কৰিছে। কিন্তু সেই জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভ সংঘৱদ্ধ হ’লে তাৰে সৈতে হোৱা সংঘাতত শাসকৰ দাম্ভিক জাহাজ টাইটানিকৰ দৰে ধ্বংস হৈ এদিন ডুব যাব। পানীৰ দৰে জনসাধাৰণৰ ওপৰেদি শাসক নামৰ জাহাজখন চলি থাকে।” সংগীত বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু বৰ্তমানে এখন সম্ভ্ৰান্ত ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত বিতুৰ একমাত্ৰ ভনীয়েকে কৈছিল এই কথাষাৰ।

এৰা ঠিকেইতো, বিশ্বৰ ঐতিহাসিক যুগান্তৰকাৰী সংগ্ৰামসমূহলৈ যদি দৃষ্টিপাত কৰা হয় তেন্তে দেখা যায় এনে সংগ্ৰামসমূহৰ প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণতে নগণ্য সংখ্যক ব্যক্তিয়েহে নেতৃত্ব প্ৰদান কৰে। শাসকৰ ভয়ো ইয়াতেই।

আমাৰ নিজস্ব সূত্ৰৰে কৰা অনুসন্ধানত ছাত্ৰনেতাজনৰ বহু ব্যতিক্ৰমী, অবিশ্বাস্য তথ্য লাভ কৰিছিলো। যি সময়ত অসমৰ একাংশ সংগঠনৰ কেন্দ্ৰীয়তো বাদেই জিলা আনকি আঞ্চলিক পৰ্যায়ৰ বহু সুবিধাবাদী নেতাই চান্দা, কমিচনৰ ধনেৰে একোটা বিলাসী জীৱনৰ গৰাকী হৈছে, ৰাতিপুৱা বিজেপি দলক লেই-লেই ছেই-ছেই কৈ গালি পাৰি পাছবেলা সেই দলতে শৰণাপন্ন হৈ যোগ দিছেগৈ, তেনে সময়ত এই ছাত্ৰনেতাজনলৈ আজিও দেউতাকে পেঞ্চনৰ পৰা নিয়মিয়াকৈ টকা পঠিয়াই থাকে। তেওঁৰ ম’বাইল ফোনৰ মাহেকীয়া বিল সদায় পৰিশোধ কৰি আহিছে একমাত্ৰ ভগ্নীয়ে। বহুজনৰ বাবে এয়া অবিশ্বাস্য যে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত তেওঁৰ টিভিটো ভগ্নীক ৰিচাৰ্জ কৰি দিবলৈ কৈছিল। এনে স্থিতিৰ কাৰণ হ’ল সংঠনৰ টকাৰে তেওঁ জীৱন-নিৰ্বাহ নকৰে। এনে এজন ছাত্ৰ নেতা কেনেকৈ ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে ভাবুকি হ’ব পাৰে সেয়া শাসকেহে জানে। সংগ্ৰাম আৰু সংগঠনৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই ৰে’লৱে ষ্টেচনৰ কাষৰ একাংশ অট’ৰিক্সা, ৰিক্সা, ঠেলাচালকৰ সন্তানক বিনামূলীয়াকৈ টিউচন কৰি দিছিল। এসময়ৰ অত্যন্ত চৌখিন ছাত্ৰজনে বৰ্তমান চৌখিনতাৰ প্ৰতি হৈ পৰিল সম্পূৰ্ণ উদাসীন।

বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা “কা” বিৰোধী সংগ্ৰামত অসমৰ প্ৰায়বোৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰৰ ৰোষত পৰিল মাথো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ ভাতৃ সংগঠনসমূহ। প্ৰকৃততে ৰাষ্ট্ৰৰ কঠোৰ আচৰণেই প্ৰমাণ কৰিছে তেওঁলোকৰ প্ৰাসংগিকতা। এই সময়ত মন কৰিবলগীয়া যে বিতু সোণোৱাল, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ আদিয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছতে ছেগাছোৰোকাকৈ এই ক’ৰ’ণা কালৰ মাজতো “কা” বিৰোধী সংগ্ৰামখন পুনৰ আৰম্ভ হৈছে। যাৰ বাবে ইমান দিনে নিশ্চুপ হৈ থকা আন একাংশ সংগঠনেও পুনৰ উক্ত ধাৰাটো পুনঃ আৰম্ভ কৰিবলৈ বাধ্য হৈছে।

সংগ্ৰামী দৃঢ়তাই বিতু সোণোৱালৰ দৰে ছাত্ৰনেতাক আমাৰ সমাজ ব্যৱস্থাত প্ৰাসঙ্গিক কৰি ৰাখিছে, সংগ্ৰামী ৰাইজে নিশ্চিতভাৱে আশাকৰে যে অনাগত দিনতো এই দৃঢ়তাৰ ধাৰাবাহিকতা অব্যাহত হৈ থাকিব।

মাধুৰ্য বৰুৱা

মাধুৰ্য বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

August 18, 2025 1:49 pm
 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm
সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

সোমবাৰে হোৱাইট হাউছত ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠক জেলেনস্কিৰ, থাকিব ইউৰোপীয় নেতাসকলো

August 18, 2025 12:58 pm
আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

ভোটাৰ তালিকা সংশোধন: মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মহাভিযোগ আনিব পাৰে বিৰোধীয়ে

August 18, 2025 1:49 pm
 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

 ‘দ্য ৱায়াৰ’ৰ সম্পাদক সিদ্ধাৰ্থ বৰ্ধৰাজনলৈ গুৱাহাটী আৰক্ষীৰ চমন

August 18, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd