অমিত শ্বাহৰ মাষ্টাৰ ষ্ট্ৰোক : শিৱসেনা-কংগ্ৰেছক হতভম্ব কৰি মহাৰাষ্ট্ৰত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ

devendra-fadnavis

মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী

মহাৰাষ্ট্ৰৰ শেহতীয়া বিধানসভা নিৰ্বাচনত কোনো এটা দলে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰাৰ পাছত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত চলি থকা দীৰ্ঘদিনৰ অচলাৱস্থাৰ অৱসান ঘটাই পুনৰ ক্ষমতালৈ উভতিছে বিজেপি।

বিজেপিয়ে শৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰে।

বিজেপিৰ দেবেন্দ্ৰ ফাড়নৱিজে দ্বিতীয়টো কাৰ্য্যকালৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে এন চি পি নেতা অজিত পাৱাৰে উপ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, শুকুৰবাৰে দিনৰ ভাগলৈ কংগ্ৰেছ, শিৱসেনা আৰু এন চি পিয়ে সন্মিলিতভাৱে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব বুলি খবৰ প্ৰকাশ হৈ আছিল।

শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে কংগ্ৰেছ, শিৱসেনা আৰু এন চি পি মিত্ৰজোঁটৰ মুখ্য মন্ত্ৰী হোৱাৰ কথা আছিল।

কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত পুনৰ বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰে।

কিছুদিন পূৰ্বে এন চি পিৰ নেতা শৰদ পাৱাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰিছিল।

নিৰ্বাচনৰ পাছত মহাৰাষ্ট্ৰত কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ সহমতত উপনীত হ’ব নোৱাৰাত ৰাজ্যপালে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিছিল আৰু আজি ৰাতিপুৱা ৫.৪৭ মিনিটত ৰাষ্ট্ৰপতি শাসন পুনৰ উঠাই লোৱা হৈছিল।