NORTHEAST NOW (Assamese)

চাকৰিৰ পৰা লোৱা নাই অব্যাহতি : চামগুৰিত গাঁও পঞ্চায়তত বিজেপি প্ৰাৰ্থীৰ মনোনয়নক লৈ ৰহস্য

November 17, 2018 8:49 am · বিদ্যুৎ জ্যোতি বৰা
চাকৰিৰ পৰা অব্যাহতি নোলোৱাকৈ পঞ্চায়তত মনোননয়ন দিয়া বিজেপি প্ৰাৰ্থী মনিকা দাস হাজৰিকা। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ চামগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত চামগুৰিৰ ভেলেউগুৰি পঞ্চায়তৰ বিজেপি সভাপতি পদৰ প্ৰাৰ্থী মনিকা দাস হাজৰিকাৰ মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

প্ৰাৰ্থী গৰাকীৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়তে চামগুৰি সমষ্টিৰ অগপৰ সভাপতি ভৰত দাসে নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰাত সকলো তথ্য পোহৰলৈ আহে।

জানিব পৰা মতে, চামগুৰি বৰালী গাঁও নিবাসী তথা ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ অধীনৰ হাঁহচৰা অংগনৱাড়ী কৰ্মীৰ চাকৰিত নিযুক্ত হৈ থকা বিজেপিৰ প্ৰাৰ্থী মনিকাই কালি মনোনয়ন পত্ৰ দাখিলৰ সময়ত চৰকাৰী চাকৰিৰ পৰা ছুটি বা স্ব- ইচ্ছাই অব্যাহতি পত্ৰ দাখিল কৰা নাছিল।

শুকুৰবাৰে মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়তে এই তথ্য প্ৰকাশ পোৱাৰ পাছত অগপ আৰু কংগ্ৰেছেও এই অভিযোগ দিয়াত বিবুদ্ধিত পৰিছে নগাওঁ জিলাৰ নিৰ্বাচনী বিষয়া আৰু নিৰীক্ষণৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা।

দল দুটাই মনোনয়ন নাকচৰ বাবে দাবী জনাইছে যদিও নিৰ্বাচনী বিষয়াই দুঘন্টাৰ সময়ৰ ভিতৰত তথ্য দাখিলৰ নিৰ্দেশ দিয়াৰ পাছতো কোনো ধৰণৰ  তথ্য প্ৰকাশ কৰিব নোৱাৰিলে বিজেপি প্ৰাৰ্থী গৰাকীয়ে।

এই সন্দৰ্ভত মনোনয়ন পত্ৰখন নিৰীক্ষণৰ বিষয়টোত অধিক ৰহস্য ঘনীভূত হৈ পৰিছে বুলি জানিব পৰা গৈছে। ।

Related News