NORTHEAST NOW (Assamese)

সোণোৱালে প্ৰচাৰ চলোৱা বিজেপি প্ৰাৰ্থী সুনীল যাদৱৰ পৰাজয়

February 11, 2020 5:44 pm · এন ই নাও নিউজ
Updated: February 11, 2020 5:57 pm
মুখ্য মন্ত্ৰী সোণোৱালে দিল্লীত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ দৃশ্য। ফটোৰ উৎস : সোণোৱালৰ ফেইচবুক টাইমলাইন।

দিল্লীৰ নিৰ্বাচনত অসমৰ মুখ্য মন্ত্ৰী সোণোৱালে যিজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল সেইজন সুনীল কুমাৰ যাদৱৰ পৰাজয় হৈছে।

সমষ্টিটোত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয়।

অৱশ্যে জয়ী নহ’লেও দ্বিতীয় স্থানত থাকে বিজেপি প্ৰাৰ্থী সুনীল যাদব।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২৭ জানুৱাৰিত প্ৰাৰ্থীজনৰ হৈ প্ৰচাৰ চলাইছিল।

প্ৰচাৰ সভাত অসমৰ মুখ্য মন্ত্ৰীজনে দিল্লীক বিশ্বৰ শ্ৰেষ্ঠ মহানগৰ কৰি গঢ়ি তুলিবলৈ বিজেপিৰ প্ৰাৰ্থী যাদৱক ভোট দিবলৈ আহ্বান জনাইছিল।

আনহাতে দ্বিতীয় পৰ্য্যায়ত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ দিল্লীলৈ গৈ সোণোৱালে তাত থকা অসমীয়া সমাজখনক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল।

লগতে পঢ়ক দিল্লীত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ গৈ “লঘু” হ’ল মুখ্য মন্ত্ৰী সোণোৱাল?

অৰবিন্দ কেজৰিৱালক সমালোচনা কৰি সোণোৱালে কৈছিল যে চৰকাৰ চলোৱাৰ যোগ্যতা নাই অৰবিন্দ কেজৰিৱালৰ, তেওঁ যোৱা পাঁচ বছৰত একো নকৰিলে।

দিল্লীবাসীয়ে ভোটৰ জৰিয়তে সোণোৱালৰ এই আহ্বানক নসাৎ কৰাটো আজি প্ৰমাণিত হয় ভোটগণনাৰ সময়ত।

দিল্লীত পুনৰ শাসন নিশ্চিত কৰাৰ পিছত আজি কেজৰিৱালে সংবাদ মাধ্যমৰ আগত এই বিজয়ক এক নতুন ধৰণৰ ৰাজনীতিৰ সূচনা বুলি কয়।

আনহাতে কেজৰিৱালৰ দল আপে এইবুলি কয় যে প্ৰথমবাৰৰ বাবে ভাৰতত চৰকাৰে কৰা কামৰ ওপৰত ভিত্তি কৰি এটা দল নিৰ্বাচনত জয়ী হ’ল।

সুনীল যাদৱে নিৰ্বাচনৰ ফল ঘোষণাৰ কেইঘণ্টামান পূৰ্বে কৈছিল যে হাৰিলে তেওঁ পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকিব।

Related News