NORTHEAST NOW (Assamese)

হাই প্ৰফাইল নেতাক লগত লৈ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই দাখিল কৰিলে মনোনয়ন

April 1, 2019 12:54 pm · অনির্বান পাঠক
Updated: April 1, 2019 1:05 pm
সোমবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ মনোনয়ন দাখিলৰ মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই আজি দাখিল কৰিলে মনোনয়ন পত্ৰ। সহস্ৰধিক সমৰ্থকসহ অমিনগাঁৱস্থিত কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আহি ওজাই মনোনয়ন পত্ৰ দাখিল কৰে।

বিজেপি প্ৰাৰ্থী কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱকে ধৰি কেইবাজনো আগশাৰীৰ নেতা।

তদুপৰি, গুৱাহাটী সমষ্টিৰ বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, মঙলদৈ সমষ্টিৰ বৰ্তমানৰ সাংসদ ৰমেন ডেকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী কেশৱ মহন্তকে ধৰি  বিজেপি আৰু অগপৰ বহু নেতা ওজাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে।

কুইন ওজাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত কয়, ‘’মনোনয়ন পত্ৰ দাখিলৰ এই মুহূৰ্তটো আপোনালোকে দেখিলে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে কুইন ওজাক বিজয়ী কৰিব আৰু দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডী ডাঙৰীয়াক প্ৰধান মন্ত্ৰী পাতিব।‘’

আনহাতে, মনোনয়ন দাখিল কৰি প্ৰাৰ্থী কুইন ওজাই কয়, ”মই গুৱাহাটীৰ প্ৰত্যেক গৰাকী নাগৰিকক লগ কৰি মোক ভোট দিয়াৰ বাবে আহ্বান জনাম আৰু মই ভাৱো যে আজিৰ মোৰ দায়িত্ব আৰু বাঢ়িল।”

গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজা পূৰ্বতে অগপ নেত্ৰী আছিল আৰু  ২০১৪ চনত বিজেপিত যোগদান কৰে। গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুইন ওজাই কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ সৈতে পোনপটীয়া প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।

Related News