মাৰ্ঘেৰিটাত পঞ্চায়তৰ বিজেপি দলৰ প্ৰাৰ্থী ধ্ৰুৱ কোঁ‌ৱৰৰ মৃত্যু

Dhruba

বুধবাৰে নিশা মৃত্যুবৰণ কৰা মাৰ্ঘেৰিটাৰ কুমচাই পঞ্চায়তৰ সদস্য পদৰ বিজেপি প্ৰাৰ্থী ধ্ৰুৱ কোঁৱৰ। ফটো : নৰ্থইষ্ট নাও

মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা দলৰ পৰা সদস্য পদৰ প্ৰাৰ্থিত্ব গ্ৰহণ কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ধ্ৰুৱ কোঁৱৰৰ যোৱা নিশা মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোঁ‌কৰ ছাঁ‌ পেলাইছে ৷

লেখাপানী থানাৰ অন্তৰ্গত টিৰাপৰ ১নং নিংগামৰ নিবাসী তথা কালি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত কুমচাই গাওঁ পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ পৰা বিজেপিৰ দলৰ হৈ সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ধ্ৰুৱ কোঁ‌ৱৰ (৩৮)কালি নিৰ্বাচনৰ অন্ত পৰাৰ পাছত নিশা নিজ গৃহত ভোজভাত খাই শুই পৰিছিল।

কিন্তু নিশা প্ৰায় ৩ মান বজাত শুই থকা অৱস্থাতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পৰিয়ালৰ লোকে তেওঁক ততাতয়াকৈ টিৰাপ চিকিৎসালয়লৈ নিয়ে যদিও উচ্চ ৰক্তচাপজনিত কাৰণত চিকিৎসালয়তে কোঁৱৰৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

ধ্ৰুৱ কোঁৱৰৰ মৃত্যুত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।