২৩ মে’ত প্ৰকাশ পোৱা লোকসভা নিৰ্বাচন-২০১৯ ৰ ঘোষিত ফলাফল অনুসৰি ৭ নং গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কুইন ওঝাই কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাক ৩,৪৫,৬০৬ টা ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰি প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বচিত হয়।
বিজেপিৰ কুইন ওঝাই মুঠ ১০,০৮,৯৩৬ টা ভোট লাভ কৰাৰ বিপৰীতে ববিতা শৰ্মাই লাভ কৰে ৬,৬৩,৩৩০ টা ভোট।
ওঝাই মুঠ ভোটৰ ৫৭.২ শতাংশ আৰু ববিতা শৰ্মাই ৩৭.৬১ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয়। সমষ্টিটোত মুঠ ১০,৪৬৬ গৰাকী ভোটাৰে নোটাত ভোটদান কৰে।
২০১৯ লোকসভা নিৰ্বাচনত গুৱাহাটীত লোকসভা সমষ্টিত মুঠ ১৭,৬১,২৪০ গৰাকী ভোটাৰে ভোট দান কৰে। ইয়াৰে ২৫১৭ টা পোষ্টেল ভোট।
উল্লেখযোগ্য যে, দহখন বিধানসভা আসনযুক্ত গুৱাহাটী লোকসভা সমষ্টিত এইবাৰ মুঠ ১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
আনহাতে, খিলঞ্জীয়াৰ অধিকাৰৰ কথা আৰু নাগৰিকত্ব বিধেয়ক বিৰোধী কঠোৰ স্থিতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নিৰ্দলীয় প্ৰাৰ্থী উপমান্যু হাজৰিকাই ১.২ শতাংশ হাৰেৰে মাত্ৰ ২১১১৪ টা ভোট লাভ কৰে।
উল্লেখযোগ্য যে, বিগত দুটা কাৰ্য্যকাল ধৰি বিজেপিয়ে দখল কৰি থকা সমষ্টিটোত এইবাৰ গেৰুৱা দলটোৱে দুটা কাৰ্য্যকালৰ সাংসদ বিজয়া চক্ৰৱৰ্তীক প্ৰাৰ্থিত্ব নিদি কুইন ওঝাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল।