NORTHEAST NOW (Assamese)

‘মিত্ৰতাৰ ৰাজনীতিৰ জৰিয়তেই ২১ত পূৰ্বতকৈও অধিক শক্তিশালী চৰকাৰ গঠন কৰিম’; দিলীপ শইকীয়া

November 21, 2020 4:17 pm · কল্পজ্যোতি শইকীয়া

‘আমি মিত্ৰতাৰ ৰাজনীতিৰ জৰিয়তেই ২০২১ত অসমত পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত কৃষকমুখী, উন্নয়নমুখী চৰকাৰ প্ৰতিষ্ঠা কৰিম।‘  দিছপুৰস্থিত লোকনিৰ্মাণ (PWD) প্ৰশিক্ষন কেন্দ্ৰত বিজেপিৰ অৰ্থনৈতিক কোষৰ অধীনত “আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম'”ৰ লগতে এখন বিশেষ কাৰ্যনিৰ্বাহক সভাৰ পাছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই।

ইপিনে, বিপিএফৰ লগত এক প্ৰকাৰ মিত্ৰতা চ্ছেদ হোৱাৰ এক ইংগিত দিয়ে শইকীয়াই।

তেওঁ কয় ‘বিপিএফৰ লগত মিত্ৰতাৰ কথাটো ইতিমধ্যে ৱালত কিছুমান কথা লিখা গৈছে। ৱালত লিখা লিখনি বিলাক বিপিএফ দলে পঢ়িব লাগে। আমি ইয়াত ক’লেই যে মিত্ৰতা থাকিব এনেকুৱা নহয়।‘

‘ফটফটীয়াকৈ স্পষ্টৰূপত কৈছো বিটিছি নিৰ্বাচনত বিপিএফৰ লগত কোনো মিত্ৰতা নাই।‘

ইপিনে, কাইলৈ বিপিএফৰ প্ৰাক্তন কাৰ্য্কৰী সভাপতি আৰু সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে বিজেপিত যোগদান কৰিব বুলি জানিবলৈ দি তেওঁ লগতে কয় ‘তেওঁলোকৰ লগত বিপিএফ দলৰ অধিকাংশ তৃণমূল পৰ্যায়ৰ নেতা, কৰ্মী বিজেপিমুখী হ’ব। ৰিজাল্টৰ পাছত বিপিএফৰ কি অস্তিত্ব থাকিব সেয়া সকলোৱে ইতিমধ্যে গম পাইছে।‘

অৱশ্যে, মিত্ৰতাত কোন থাকিব কোন নাথাকিব সেইটো পিছত ঠিক হ’ব বুলি উল্লেখ কৰে দিলীপ শইকীয়াই।

Related News