অন্য ৰাজনৈতিক দলৰ নেতাৰ বাবে বিজেপিয়ে বন্ধ কৰিলে দুৱাৰ

Ranjit Das

ফাইল ফটো

ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ মনত আশা পুহি থকা ৰাজনৈতিক নেতাৰ বাবে নিৰাশাৰ বাৰ্তা কঢ়িয়াই আনিছে ৰাজ্যিক বিজেপিয়ে।

দলটোৱে অন্য ৰাজনৈতিক দলৰ নেতাৰ বাবে ইয়াৰ দুৱাৰ বন্ধ কৰা বুলি আজি জানিবলৈ দিছে প্ৰদেশ বিজেপিৰ সভাপতিয়ে।

“কাইলৈৰ পৰা ৰাজনৈতিক নেতা বা দলৰ সৈতে জড়িত ব্যক্তিক বিজেপিত যোগদান নকৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো”, তৃণমূল কৰ্মীৰ আহ্বানতে এইটো কৰা বুলি জনাই দাসে কয়।

অৱশ্যে, ৰাজনীতিক বাদ কৰি সমাজৰ অন্য ক্ষেত্ৰৰ লোকসকলৰ বাবে বিজেপিত যোগদানৰ দুৱাৰখন খোলা থাকিব, ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেলত জনালে সভাপতিজনে।

দাসে জনোৱামতে, ২০ আগষ্টলৈকে গোটেই দেশজুৰি চলোৱা বিজেপিৰ সদস্যভৰ্তি অভিযানত দলটোত নতুনকৈ প্ৰায় ১৭ লাখ লোকে যোগদান কৰিছে।

ৰাজনৈতিক ব্যক্তিক যোগদান কৰোৱাতকৈ যিসকল সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত, তেওঁলোককহে যোগদান কৰাবলৈ তৃণমূলৰ সদস্যসকলৰ পৰা আমালৈ আহ্বান আহিছে বুলি জানিবলৈ দি দাসে কয়, “আগন্তুক দিনত অসমৰ শিপিনী, বনুৱা, কৃষক, শিক্ষাজগতৰ লগত লাগি থকা ব্যক্তি, আত্মসহায়ক গোটৰ লগত লাগি থকা মহিলা, সমাজ সেৱক-সেৱিকা, সাংস্কৃতিক জগতৰ লগত জৰিত থকা ব্যক্তিৰ বাবে ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ কাৰণে দুৱাৰখন খোলা থাকিব। মণ্ডল পৰ্য্যায়ৰ পৰা ৰাজ্যিক পৰ্য্যায়লৈ সদস্য হিচাপে ভৰ্তি হ’ব পাৰিব এইসকল লোক।”

প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতা, গৌতম ৰয়ৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাকে ধৰি অলপতে দলটোত কেইবাজনো কংগ্ৰেছ নেতাই দলটোত যোগদান কৰিছিল।