বিজেপিয়ে ধৰ্মৰ ৰাজনীতি কৰা হ’লে একমাত্ৰ হিন্দুক আঁচনি দিলে হেঁতেন : সৰ্বানন্দ সোণোৱাল
ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত দুটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত। আজি কলিয়াবৰ লোকসভা সমষ্টিৰ জুৰীয়াত অগপ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বচনী প্ৰচাৰ চলাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অগপৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সোণৱালে কংগ্ৰেছক চোকা সমালোচনা কৰে। জুৰীয়াৰ বিশাল জনসভাক সম্বোধন কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপিয়ে কেতিয়াও ধৰ্মৰ নামত ৰাজনীতি নকৰে এইয়া কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ বুলি মন্তব্য কৰে।
আনহাতে, বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰিলে একমাত্ৰ হিন্দু হিতাধিকাৰীক আঁচনিসমূহ প্ৰদান কৰিলে হেঁতেন কিন্তু দেশৰ হিন্দুৰ লগতে সমানে মুছলমানেও বিজেপিৰ আঁচনিসমূহ লাভ কৰিছে বুলি উল্লেখ কৰে মুখ্য মন্ত্ৰীয়ে।
বিজেপি চৰকাৰৰ মূল লক্ষ্য ধৰ্মৰ ৰাজনীতি নহয় বিকাশৰ ৰাজনীতিহে সেয়েহে আমি হিন্দু-মুছলমান হিচাপে নহয় ভাৰতীয় হিচাপেহে উন্নয়ণৰ কাম কৰিছো বুলিও সোণোৱালে মন্তব্য কৰি কংগ্ৰেছেহে সংঘালঘূৰ নামত আৰু মুছলমানৰ নামত ৰাজনীতি কৰে বুলি সমালোচনা কৰে।
উল্লেখযো্গ্য যে, কলিয়াবৰ সমষ্টিৰ মূল যুঁজখন হ’ব অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্ত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ মাজত। সমষ্টিটোত ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।