লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাত তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানৰ অন্তৰ্গত উদয়পুৰত আজি অস্ত্ৰসহ এজন আলফা (স্বা)ৰ লিংকমেন আটক হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত খবৰ অনুসৰি ৩নং গাৰুৱাল ৰাইফলছৰ টহলদাৰী দলে সন্ধেহযুক্ত আলফা (স্বা)ৰ লিংকমেনজনক আটক কৰে। তেওঁক বিজয় বৰা (৩৮) বুলি চিনাক্ত কৰা হৈছে। ধৃত লোকজনৰ পৰা এটা ৯ এম এম পিষ্টল, দুই জাঁই সক্ৰিয় গুলী, এটা মেগজিন আৰু নগদ ২৫০০ টকা উদ্ধাৰ কৰা হয়।
উল্লেখযোগ্য যে প্ৰথম প্ৰৰ্য্যায়ত হ’বলগীয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোত যাতে উগ্ৰপন্থী সংগঠন সমূহে কুতাঘাট কাৰ্য চলাব নোৱাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকতিয়া কৰি তোলা হৈছে।
পিছত ধৃত বিজয় বৰাক সেনাই পৰৱৰ্তী তদন্তৰ বাবে লেখাপানী আৰক্ষীক গতাই দিয়ে।