• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনডিএৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা বাবে বিজেপিয়ে বহিষ্কাৰ কৰিলে ভোজপুৰী অভিনেতা পৱন সিঙক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2024 1:20 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী উপেন্দ্ৰ কুশৱাহাৰ বিৰুদ্ধে বিহাৰৰ কৰাকাট লোকসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিজেপিয়ে বুধবাৰে ভোজপুৰী অভিনেতা তথা ৰাজনীতিবিদ পৱন সিঙক বহিষ্কাৰ কৰে। কাৰাকাটৰ পৰা প্ৰাৰ্থীত্বক লৈ কেইবা সপ্তাহ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই ৯ মে’ত সিঙে মনোনয়ন দাখিল কৰে।

পৱন সিঙলৈ লিখা এখন পত্ৰত বিজেপিয়ে তেওঁৰ সিদ্ধান্ত “দল বিৰোধী” বুলি কয়৷চলি থকা লোকসভা নিৰ্বাচনৰ সপ্তম আৰু অন্তিম পৰ্যায়ৰ ১ জুনত নিৰ্বাচনমুখী হ’ব কাৰাকাটে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় লোক মৰ্চাৰ মুৰব্বী কুশৱাহাৰ উপৰিও দক্ষিণ বিহাৰৰ আসনৰ পৰা মহাজোঁটৰ ৰাজাৰাম সিং আৰু এআইআইএমআইএমৰ প্ৰিয়ংকা চৌধুৰী ৰণত নামিছে।

বিজেপিয়ে অভিনেতা-ৰাজনীতিবিদজনক বহিষ্কাৰ কৰাৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে সাংবাদিকৰ আগত কয় যে এয়া উপেন্দ্ৰ কুশৱাহাক পৰাস্ত কৰাৰ ষড়যন্ত্ৰ। আভ্যন্তৰীণভাৱে বিজেপিয়ে পৱন সিঙক সহায় কৰি আছে৷বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয় যে যদি কোনোবাই দলৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে স্বাভাৱিকতে দলে ব্যৱস্থা গ্ৰহণ কৰে।

পৱন সিঙে কুশৱাহাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তক লৈ আৰাহ লোকসভাৰ আসনৰ পৰা পুনৰ নিৰ্বাচিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিংকে ধৰি একাংশ বিজেপি নেতাৰ সমালোচনাৰ সন্মুখীন হয়।

Recent News

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰমাণ মচি পেলোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

কৰ্ণাটক ভিৰ নিয়ন্ত্ৰণ বিধেয়ক: ৩ বছৰৰ কাৰাদণ্ড, ৫ লাখ টকাৰ জৰিমনাৰ অন্তৰ্ভুক্তি

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd