• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌন নিৰ্যাতনকাৰী এপষ্টেইনৰ জন্মদিনত লিখা অশ্লীল চিঠিখন ট্ৰাম্পৰেই? কি ফাদিল কৰিলে ডেম’ক্ৰেটে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 12:55 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৩ চনত কুখ্যাত শিশু যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ জন্মদিনত বিভিন্নজনৰ শুভেচ্ছা থকা এখন কিতাপ প্ৰকাশ কৰিছে আমেৰিকাৰ ডেম’ক্ৰেটিক দলৰ সাংসদসকলে। তেওঁলোকে দাবী কৰিছে যে ইয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰিত এখন পত্ৰও আছে।

প্ৰয়াত এপষ্টেইনৰ উইল আৰু তেওঁৰ ব্যক্তিগত ঠিকনা বহীকে ধৰি আন বহু নথিৰ লগতে এই কিতাপখন মুকলি কৰা হৈছে। ঠিকনা পুথিখনত ​​বিভিন্ন ৰাজপৰিয়ালৰ সদস্য, বিভিন্ন দেশৰ ৰাজনীতিবিদ, তাৰকা আৰু মডেলৰ নাম আৰু ঠিকনা সন্নিবিষ্ট কৰা হৈছে।

Apply Now

যোৱা মাহত আদালতে এপষ্টেইনৰ সম্পত্তি চোৱাচিতা কৰা অধিবক্তাসকলক চমন জাৰি কৰিছিল। এপষ্টেইনৰ জন্মদিনৰ শুভেচ্ছা থকা কিতাপখনকে ধৰি কিছু নথি-পত্ৰ জমা দিবলৈ কোৱা হৈছিল। ইয়াৰ পিছতে নথি-পত্ৰ সদনৰ তদাৰকী সমিতিলৈ প্ৰেৰণ কৰে।

ইপিনে, ট্ৰাম্পৰ শুভেচ্ছা বাৰ্তা বুলি দাবী কৰা কথাখিনি হোৱাইট হাউছে অস্বীকাৰ কৰিছে। চিঠিখনত এগৰাকী মহিলাৰ শৰীৰ অংকন কৰা আছিল। হোৱাইট হাউছে কয় যে ৰাষ্ট্ৰপতিয়ে ছবিখন অংকন কৰা নাছিল, আৰু তেওঁ স্বাক্ষৰ কৰা নাছিল।

এপষ্টেইন বিষয়ত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে সমৰ্থক আৰু তেওঁৰ নিজৰ ৰিপাব্লিকান পাৰ্টিৰ হেঁচা বৃদ্ধি পোৱাৰ সময়তে এই কিতাপখন মুকলি কৰা হৈছে।

২৩৮ পৃষ্ঠাৰ এই কিতাপখন এপষ্টেইনৰ ৫০ বছৰীয়া জন্মদিনৰ বাবে তেওঁৰ ব্ৰিটিছ সহযোগী তথা প্ৰাক্তন প্ৰেমিক গিছলেন মেক্সৱেলে প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। ২০২১ চনত এপষ্টেইনৰ সৈতে যৌনতাৰ বাবে মহিলাক সৰবৰাহৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত তেওঁ (গিছলেন) দোষী সাব্যস্ত হৈছিল।

‘দ্য ফাৰ্ষ্ট ফিফটি ইয়েৰছ’ শীৰ্ষক গ্ৰন্থখনত উচ্চ পদস্থ ৰাজনীতিবিদ আৰু ব্যৱসায়িক নেতাকে ধৰি এপষ্টেইনৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ শুভেচ্ছা সন্নিবিষ্ট কৰা হৈছে। দাবী কৰা হৈছে যে ট্ৰাম্পৰ স্বাক্ষৰিত এটি টোকাও আছে। সেই সময়ত এপষ্টেইনৰ বন্ধু আছিল ট্ৰাম্প। প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনেও লিখা এটি টোকা আছে।

ট্ৰাম্পে কয় যে তেওঁ জন্মদিনৰ শুভেচ্ছা লিখা নাছিল। ইফালে ক্লিণ্টনৰ এগৰাকী মুখপাত্ৰই কয় যে ক্লিণ্টনে সেই সময়ত এপষ্টেইনক চিনি পাইছিল যদিও তেওঁৰ অপৰাধৰ বিষয়ে একো নাজানে।

বিবিচিয়ে ক্লিণ্টন ফাউণ্ডেশ্যন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ এজন অধিবক্তাৰ সৈতেও যোগাযোগ কৰিছে।

গ্ৰন্থখনত এপষ্টেইনৰ জীৱনৰ বিভিন্ন সময়ৰ ফটো সন্নিবিষ্ট কৰা হৈছে। তদুপৰি গ্ৰন্থখনত তেওঁৰ স্কুলীয়া দিনৰ পৰা প্ৰাপ্তবয়স্ক হোৱালৈকে বিভিন্ন ঘটনা, গীতৰ কথা, ভেনিটি ফেয়াৰ আলোচনীৰ এটা কভাৰ, কিছুমান অশ্লীল স্কেচ, কাহিনী আৰু ব্যক্তিগত কৌতুক আদিৰ বৰ্ণনা কৰা হৈছে।

ট্ৰাম্পে এপষ্টেইনক অভিনন্দন বাৰ্তা প্ৰেৰণ কৰাৰ খবৰটো প্ৰথম জুলাই মাহত ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰিছিল। সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে সেয়া ‘ভুৱা’ আৰু তেওঁ লিখা নাই। ইয়াৰ পিছত তেওঁ নিউজ কৰ্পৰেশ্যনৰ মালিক ৰূপাৰ্ট মাৰ্ডক, ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক, প্ৰকাশক আৰু ইয়াৰ শীৰ্ষ কাৰ্যবাহীসকলৰ বিৰুদ্ধে ১০ বিলিয়ন ডলাৰৰ গোচৰ তৰে।

হাউছ অভাৰচাইট কমিটীয়ে এপষ্টেইনৰ ঘৰৰ পৰাই কিতাপখন লাভ কৰে। সোমবাৰে হাউছ অভাৰচাইট কমিটীৰ ডেম’ক্ৰেট সদস্যসকলে ইয়াৰ ফটো প্ৰকাশ কৰি ৰাষ্ট্ৰপতিয়ে মিছা কথা কোৱা বুলি দাবী কৰে।

ডেম’ক্ৰেটসকলে ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্টত লিখিছে, “এইয়া এপষ্টেইনৰ জন্মদিনত ট্ৰাম্পৰ বাৰ্তা;ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে ইয়াৰ অস্তিত্ব নাই।”

সোমবাৰে ৰিপাব্লিকান নেতৃত্বাধীন হাউছ অভাৰচাইট কমিটীৰ শীৰ্ষ ডেম’ক্ৰেট ৰবাৰ্ট গাৰ্চিয়াই কয় যে, “এতিয়া আমি জানিব পাৰিছো যে ড’নাল্ড ট্ৰাম্পে মিছা কথা কৈছিল আৰু সত্য লুকুৱাবলৈ তেওঁ যিমান পাৰে সকলো কৰিছিল।”

ট্ৰাম্পৰ স্বাক্ষৰিত এই টোকাটোত কেইবাটাও বাক্য সন্নিবিষ্ট কৰা হৈছে। শেষৰ বাক্যটোত লিখা আছে: “জন্মদিনৰ শুভেচ্ছা—আৰু প্ৰতিদিনেই হওক আন এক আচৰিত গোপনীয়তা।”

এক্সত নোটখনৰ ফটো মুকলি কৰি কমিটীৰ ডেম’ক্ৰেটসকলে এপষ্টেইনৰ নথি-পত্ৰ মুকলি কৰাৰ দাবী জনায়। কিতাপখনৰ লগতে সাংসদসকলে ২০০৭ চনত এপষ্টেইন আৰু ফ্ল’ৰিডাৰ দক্ষিণ জিলাৰ এটৰ্নীৰ কাৰ্যালয়ৰ ফেডাৰেল প্ৰচিকিউটৰৰ মাজত হোৱা চুক্তিও প্ৰকাশ কৰে। ইয়াৰ উপৰিও প্ৰায় ৩০ বছৰীয়া তেওঁৰ ব্যক্তিগত ঠিকনা বহীও মুকলি কৰা হৈছে।

ট্ৰাম্প আৰু এপষ্টেইন বহু বছৰ ধৰি বন্ধুত্বপূৰ্ণ আছিল। কিন্তু ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০০০ চনৰ আৰম্ভণিতে হোৱা বিৰোধৰ পিছত তেওঁলোক পৃথক হৈছিল। ২০০৬ চনত ফ্ল’ৰিডাত প্ৰথমবাৰৰ বাবে যৌন সম্পৰ্কত প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন হৈছিল এপষ্টেইনৰ বিৰুদ্ধে। ২০১৯ চনত বিচাৰৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে তেওঁৰ মৃত্যু হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd