ৰাজস্থানৰ ৪টা লোকসভা সমষ্টিৰ ৩১টা বুথত ‘শূন্য’ বিজেপি! বুথ সভাপতিসকলেও দলক নিদিলে ভোট

বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হোৱাটো যিমানেই গৌৰৱৰ বিষয় সিমানেই লাজৰ বিষয় হৈ পৰিছে বিজেপিৰ। তেনে এক লাজৰ অভিলেখ ৰচনা কৰিছে দলটোৱে। শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰ দলৰ সহযোগত চৰকাৰ গঠন কৰিছে যদিও তথ্য অনুসৰি দেশৰ ৪ টা লোকসভা সমষ্টিৰ ৩১ টা বুথত বিজেপিয়ে ভোট পাইছে শূন্য।

তাত পৰিস্থিতি ইমানেই বেয়া যে নিজৰ দলৰ বুথ সভাপতিজনেও বিজেপিক ভোট নিদিলে। ইয়াৰ বাহিৰেও আন ৭টা লোকসভা সমষ্টিৰ ৩৩টা বুথত গেৰুৱা শিবিৰে মাত্ৰ ১টাকৈ ভোটহে লাভ কৰে।

শেহতীয়াকৈ হিন্দী সংবাদ মাধ্যম ‘দৈনিক ভাস্কৰ’য়ে এই প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাজস্থানৰ ৪টা লোকসভা সমষ্টি ছিকাৰ, ঝুনঝুন, জয়পুৰ আৰু বৰমেৰ-জয়ছালমেৰৰ ৩১টা বুথত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৱে এটাও ভোট নাপালে।

কিন্তু এই চাৰিটা সমষ্টিৰ ভিতৰত জয়পুৰ সমষ্টিত জয়ী হৈছে গেৰুৱা শিবিৰ। ৰাজস্থানৰ ২৫খন লোকসভাৰ আসনৰ ভিতৰত ১৪খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। অৱশ্যে বুথ-ভিত্তিক ৰিপৰ্ট ওলোৱাৰ পিছত বিজেপিৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।

লগতে পঢ়কঃ মংগল গ্ৰহত কি ঘটিছে? বিজ্ঞানীসকলে পাইছে ভয়ংকৰ তথ্য; কেনেকৈ হ’ল এইবোৰ বৃহৎ গহ্বৰ?

দেখা গৈছে যে ৰাজস্থানৰ ঝুনঝুন লোকসভা সমষ্টিৰ পিলানীৰ ৮৪ নম্বৰ বুথত গেৰুৱা শিবিৰেও এটাও ভোট লাভ কৰা নাছিল। ছিকাৰ লোকসভা সমষ্টিৰ দান্তাৰামগড়ৰ ৩২ নং বুথতো একেই অৱস্থা। জয়পুৰৰ হাৱামহল বিধানসভাৰ ১২৯ নম্বৰ বুথতো ভোটদান হোৱা ৩৯৭টা ভোটৰ ভিতৰত ইণ্ডিয়া মিত্ৰজোঁটে ৩৯২টা ভোট লাভ কৰাৰ বিপৰীতে অন্যান্যই ৫টা ভোট লাভ কৰে। ইয়াতো বিজেপিয়ে শূন্য পাইছে। ইয়াৰ বাহিৰেও জয়ছালমেৰ লোকসভা সমষ্টিৰ ২৮টা বুথত গেৰুৱা শিবিৰে এটাও ভোট লাভ নকৰিলে।

এনে খবৰ ওলোৱাৰ লগে লগে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে বিজেপিৰ বুথ সভাপতিসকলেও তেন্তে বিজেপিক ভোট দিয়া নাই? সাংগঠনিক দৃষ্টিকোণৰ পৰা ৰাজস্থানত বিজেপি বৰ দুৰ্বল নহয়। বসুন্ধৰা ৰাজে ৬ বছৰ আগতেও ইয়াত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল। ইমানবোৰ বুথৰ সভাপতিয়েও দলটোক ভোট নিদিয়াৰ বাবে স্বাভাৱিকতে দলটোৰ সাংগঠনিক দুৰ্বলতাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে।

কিন্তু কেৱল শূন্যই নহয়, ৰাজস্থানৰ ৭টা লোকসভা সমষ্টিৰ ৩৩টা বুথত কেন্দ্ৰৰ শাসকীয় দলটোৱে ‘এটা’কৈ ভোট পাইছে। ‘দৈনিক ভাস্কৰ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৱে আলৱাৰ, যোধপুৰ, জয়পুৰ, ছিকাৰ, দৌছা, ভৰতপুৰ, বৰমেৰ এই ৭টা লোকসভা সমষ্টিৰ ৩৩টা বুথত মাত্ৰ এটাকৈ ভোট লাভ কৰিছে। ফলত এই সমষ্টিসমূহত দলৰ বুথৰ সভাপতিসকলে অন্ততঃ বিজেপিক ভোট দিয়া বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়কঃ লোকসভাত ৰাহুল গান্ধীৰ হিন্দুত্ব সম্পৰ্কীয় মন্তব্য; ৰাহুলক সমৰ্থন শংকৰাচাৰ্যৰ

কিন্তু তাকলৈও প্ৰশ্ন উত্থাপন হৈছে। কাৰণ, নিৰ্বাচন উপলক্ষে নিৰ্বাচনৰ বহু আগতেই বিজেপিয়ে এটা বুথ সভাপতি আৰু তেওঁৰ সৈতে প্ৰতিটো বুথত ১১ৰ পৰা ২১জনীয়া এটা দল গঠন কৰিছিল। ফলত বুথৰ ভিত্তিত গেৰুৱা শিবিৰে কমেও ১১ৰ পৰা ২১টা ভোট লাভ কৰিবই লাগে। কিন্তু ৬ বছৰ পূৰ্বেও বিজেপি ক্ষমতাত থকা ৰাজ্যখনত ‘শূন্য’ আৰু ক’ৰবাত ‘এক’ পোৱাত নাক কটা গৈছে গেৰুৱা শিৱিৰৰ!