এনকাউন্টাৰ আৰু উচ্ছেদৰ নামত বৰ্বৰ শাসন চলাইছে বিজেপি চৰকাৰেঃ ডি ৱাই এফ আই

অমানৱীয় উচ্ছেদ আৰু এনকাউন্টাৰ নামত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বৰ্বৰ আৰু স্বৈৰাতান্ত্ৰিক শাসন আৰম্ভ কৰিছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে এই বৰ্বৰ আৰু স্বৈৰাচাৰী কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এই অমানৱীয় আৰু সংবিধান বিৰোধী শাসন বন্ধ কৰি আইনৰ শাসন নিশ্চিত কৰিবলৈ দাবী জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ফেডাৰছনে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা ৰাজ্যখনত উচ্ছেদ আৰু এনকাউন্টাৰৰ ৰাজনীতি আৰম্ভ কৰিছে। শেহতীয়াকৈ গুৱাহাটীৰ শিলসাঁকো বিলৰ কাষত উচ্ছেদ অভিযান চলাইছে। গুৱাহাটীৰ কেইবা ঠাইতো অভিযান চলিছে। ইয়াৰ পূৰ্বে সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত উচ্ছেদ চলিছে।

এই উচ্ছেদ কালত চৰকাৰে বিকল্প কোনো ব্যৱস্থা নকৰাকৈ সকলো মানৱ অধিকাৰ ভংগ কৰি উচ্ছেদিত লোকক অসহনীয় পৰিস্থিতিৰ মাজলৈ ঠেলি দিছে। আনকি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ্থী, শিশু, বৃদ্ধ ব্যক্তিৰ প্ৰতিও এই চৰকাৰখনে চৰম বৰ্বৰতা প্ৰদৰ্শন কৰিলে।

এনকাউন্টাৰৰ নামতো একেই নিদৰ্শন দাঙি ধৰিছে এইখন চৰকাৰে বুলিও দাবী কৰিছে ফেডাৰছনে। অভিযুক্তক আৰক্ষীৰ হাতত এনকাউন্টাৰ হোৱাতো এটা সাধাৰণ ঘটনাত পৰিণত হৈছে।

শেহতীয়াকৈ ৰৌতাত আৰক্ষীয়ে ডিম্বেশ্বৰ মুচাহাৰী নামৰ ব্যক্তি এজনক এনকাউন্টাৰত হত্যা কৰিছে। আৰক্ষীয়ে কেনাৰাম বসুমতাৰী নামৰ দুধৰ্ষ ডকাইত এজনক হত্যা কৰা বুলি প্ৰচাৰ কৰিছিল যদিও সেয়া ডিম্বেশ্বৰ মুচাহাৰী বুলিহে পৰিয়ালৰ লোকে চিহ্নিত কৰিলে। আচৰিত ধৰণে এই নৃশংস ঘটনাক ন্যাযতা দিবলৈ মুখ্যমন্ত্ৰীকে ধৰি অসম চৰকাৰৰ একাংশ মন্ত্ৰী উঠি পৰি লগিছে।

এই ঘটনাই প্ৰমাণ কৰিছে যে এই ঘটনাৰ আঁ‌ৰত চৰকাৰৰ প্ৰত্যক্ষ হাত আছে। এনেদৰে পুলিচৰ হতুৱাই আইনৰ শাসনক বৃদ্ধাংগুষ্ঠ দেখুৱাই চৰকাৰখনে পুলিচৰাজ আৰু স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে।

ডি ৱাই এফ আইয়ে এই মত পোষণ কৰিছে যে ভাৰতীয় সংবিধানে আৰক্ষীক বিচাৰ কৰাৰ অধিকাৰ দিয়া নাই। বিচাৰ কৰাৰ অধিকাৰ কেৱল আদালতৰহে আছে। অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে গোচ ৰুজু কৰি বিচাৰ কৰি দোষী সাব্যস্ত হ’লে শাস্তি বিহাৰ অধিকাৰ কেৱল আদালতৰহে আছে।

কিন্তু হিমন্ত বিশ্ব শৰ্মা ক্ষমতালৈ অহাৰ পাছত পুলিচক অন্যায়ভাৱে ব্যৱহাৰ কৰি সংবিধান বিৰোধী স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে। এয়া দেশৰ গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰতি চৰম ভাবুকি। এই স্বৈৰাচাৰী শাসন শীঘ্ৰে অৱসান কৰি আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈও ডি ৱাই এফ আইয়ে দাবী কৰিছে।