‘ভেন্সাৰ’ নিৰাময়ত বিফল চৰকাৰ; প্ৰাণ ত্যাগ অসমৰ ইজনৰ পিছত সিজন শিক্ষকৰ!

২২ বছৰে সেৱা আগবঢ়াই দৰমহাৰ নামত এটা টকাও চুবলৈ নোপোৱাকৈ শনিবাৰে নিশা প্ৰাণ ত্যাগ কৰিছে বৰপেটা জিলাৰ ইছবপুৰ আদৰ্শ এম ই বিদ্যালয়ৰ হিন্দী শিক্ষক ছাহেদ আলীয়ে। যোৱা মাৰ্চ মাহত বাস্কাত আন এজন শিক্ষকে হৃদৰোগত প্ৰাণ হেৰুওৱাৰ বিপৰীতে সৌ সিদিনা ২৬ ছেপ্তেম্বৰত শোণিতপুৰত আত্মহত্যা কৰিছিল আন এজন শিক্ষকে।

প্ৰাণ ত্যাগ কৰা শিক্ষক আলী। ছবি- নৰ্থ ইষ্ট নাও।

অসমৰ পৰা ‘ভেন্সাৰ’ শিক্ষানুষ্ঠানক ‘চিৰবিদায়’ৰ আশ্বাস দি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ‘পলায়ন’ কৰাৰ অভিযোগত শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই গান্ধী জয়ন্তীৰ দিনাই দিচপুৰত প্ৰতিবাদৰ বাবে যো-জা চলাই থকাৰ মাজতে পুনৰ বৰপেটাত প্ৰাণ ত্যাগ কৰিছে আন এগৰাকী শিক্ষকে।

২২ বছৰে সেৱা আগবঢ়াই দৰমহাৰ নামত এটা টকাও চুবলৈ নোপোৱাকৈ শনিবাৰে নিশা প্ৰাণ ত্যাগ কৰিছে বৰপেটা জিলাৰ ইছবপুৰ আদৰ্শ এম ই বিদ্যালয়ৰ হিন্দী শিক্ষক ছাহেদ আলীয়ে। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হোৱা বুলি জনাইছে পৰিয়ালৰ লোকে।

কলগাছিয়াৰ সমীপৰ ইছবপুৰত ১৯৯৬ চনৰ পৰা সেৱা আগবঢ়াই অহা এই ৪৯ বছৰীয়া ছাদেক আলীয়েই কিন্তু একমাত্ৰ দুৰ্ভগীয়া শিক্ষক নহয়। যোৱা মাৰ্চ মাহত বাস্কাত আন এজন শিক্ষকে হৃদৰোগত প্ৰাণ হেৰুওৱাৰ বিপৰীতে সৌ সিদিনা ২৬ ছেপ্তেম্বৰত শোণিতপুৰত আত্মহত্যা কৰিছিল এজন শিক্ষকে।

লগতে পঢ়ক– দৰমহাৰ মুখ নেদেখাকৈ ৰাজ্যত পুনৰ চিকিৎসাৰ অভাৱত শিক্ষকৰ মৃত্যু

২৬ বছৰে সেৱা আগবঢ়াই শোণিতপুৰৰ গাভৰু শিক্ষাখণ্ডৰ বিষ্ণুৰাভা মে’মৰিয়েল এম ই স্কুলৰ হিন্দী শিক্ষক দেৱেশ্বৰ ৰাজোৱাৰে বাচি লৈছিল আত্মহননৰ পথ৷ আৰু হাতত ধন নথকা বাবে সময়ত উন্নত চিকিৎসাৰ অভাৱত অকালমৃত্যুক আকোৱালি লৈছিল বাক্সাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দেউলকুছি আদৰ্শ এম ই স্কুলৰ সহকাৰী শিক্ষক ৫০ বছৰীয়া  মোহন চন্দ্ৰ দাসে।

শিক্ষককেইজনৰ ধৰ্ম বেলেগ, অৱস্থা একেই; একেদৰেই বিনা দৰমহাত আটাইকেইজন শিক্ষকে সেৱা আগবঢ়াই গৈছে ২০ বছৰৰো অধিক কাল। ২০১১ চনৰ পৰা এতিয়ালৈকে আত্মহত্যা কৰা এনে ভেন্সাৰ শিক্ষকৰ সংখ্যা ১৫৬ গৰাকী; দাবী প্ৰাদেশিককৰণৰ দাবীৰে দীৰ্ঘদিন ধৰি অহা শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ।

লগতে পঢ়ক– ‘ভেন্সাৰ’ক বিদায়ৰ আশা দি ‘পলায়ন’ শিক্ষা মন্ত্ৰীৰ, যুদ্ধংদেহি ৰূপ শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

‘‘২০১১ চনৰ পৰা ২০১৮ চনলৈ চৰকাৰী তথ্য অনুসৰি ১৫৬ গৰাকী বেতন বঞ্চিত শিক্ষকে আত্মহত্যা কৰিছে আৰু ৩০০০ গৰাকী শিক্ষকে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিছে,’’ নৰ্থ ইষ্ট নাও-ক জনালে মঞ্চৰ সভাপতি আনোৱাৰ হুছেইন চৌধুৰীয়ে।

এইদৰে দৰমহাৰ মুখ নেদেখাকৈয়ে ইজনৰ পিছত সিজন শিক্ষকে কৰুণ মৃত্যুক সাবটিব লগা হোৱাত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰিছে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।

“কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ লোকৰ জীৱনলৈ ‘পৰিৱৰ্তন’ অনা বুলি যি প্ৰচাৰ চলাই আছে, সেয়া বাস্তৱত পৰিলক্ষিত হোৱা নাই৷ আৰ্থিক দীনতাত ভুগি বিগত সপ্তাহটোত ৰাজ্যৰ দুগৰাকী ভেন্সাৰ শিক্ষকে আত্মহনন কৰিছে৷ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক সকাহ দিয়াৰ বাবে চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই শিক্ষক-কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱটি ল’বলৈ বাধ্য হৈছে,” শিক্ষক আলীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি এই চৰকাৰৰ বিৰুদ্ধে এই মন্তব্য ঐক্যমঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ছবেদ ভূঞা আৰু বৰপেটা সমিতিৰ মুখ্য সম্পাদক আমিৰুল ইছলাম আৰু যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসে।

সংগঠনটোৰ সভাপতি আনোৱাৰ হুছেইন চৌধুৰীয়েও শিক্ষা মন্ত্ৰীয়ে আশ্বাস দি কথা নৰখা বুলি যোৱা ২৭ ছেপ্তেম্বৰত নৰ্থ ইষ্ট নাও-ত ক্ষোভ প্ৰকাশ কৰিছিল।

অসমত বৰ্তমান ৯০০০ ভেন্সাৰ বিদ্যালয় আৰু প্ৰায় ৬০ হাজাৰ শিক্ষক-কৰ্মচাৰী আছে বুলি দাবী কৰিছে মঞ্চই। মঞ্চৰ সভাপতি চৌধুৰীয়ে জনোৱা মতে ৬০ হাজাৰৰ ভিতৰত আছে প্ৰায় ৫০ হাজাৰ গৰাকী শিক্ষক।