NORTHEAST NOW (Assamese)

বিজেপি চৰকাৰে দুখীয়া হেণ্ডিমেনৰ পেটতো গোৰ শোধাবলৈ নেৰিলে!

February 22, 2019 8:14 pm · অনিৰ্বাণ পাঠক
Updated: February 22, 2019 8:34 pm

বিজেপি নেতৃত্বাধীন চৰকাৰৰ এটা সিদ্ধান্তৰ পাছত গুৱাহাটীত কেইবাশ শ্ৰমিক এতিয়া কৰ্মহীন হৈ পৰাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে লোৱা এই সিদ্ধান্তই এতিয়া পৰিবহণ সংস্থাসমূহৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

২১ ফেব্ৰুৱাৰিত কামৰূপ মহনগৰ পৰিবহণ বিভাগে কেইবাটাও নিৰ্দেশনা সম্বলিত এক জাননী জাৰি কৰিছে। এই জাননীযোগেই মহনগৰীত চলি থকা চিটী বাছসমূহৰ পৰা হেণ্ডিমেন নাইকীয়া কৰিবলৈ বাছৰ মালিকক বিভাগটোৱে আহ্বান জনাইছে। এই আহ্বানে চিন্তিত কৰি তুলিছে চিটি বাছত হেণ্ডিমেন হিচাপে কাম কৰি জীৱিকা নিৰ্বাহ কৰি থকা কেইবাশ লোকক।

তথ্যমতে, গুৱাহাটী মহানগৰীত দৈনিক প্ৰায় ৭০০খন চিটী বাছ চলাচল কৰে। এই চিটী বাছসমূহত কৰ্মৰত হেণ্ডিমেনসকলে নিজৰ একোটা পৰিয়াল পোহপাল দি আছে। কিন্তু পৰিবহণ বিভাগৰ এই আহ্বানমতে মালিকপক্ষই পদক্ষেপ ল’লে একেদিনাই কৰ্মহীন হৈ পৰিব এইসকল লোক, যাৰ ফলত বিপদত পৰিব তেওঁলোকৰ পৰিয়াল।

এই সন্দৰ্ভত আজি নৰ্থ-ইষ্ট নাওৰ আগত মিন্টু দাস নামৰ হেণ্ডিমেন এজনে কয়, “এই সিদ্ধান্তই আমাক নিবনুৱা কৰিব। হয়তো অহা সপ্তাহৰ পৰাই আমি আঁতৰিব লাগিব। এতিয়া আমি কেনেকৈ পৰিয়াল চলাম সেই কথা চৰকাৰে এবাৰ ভাবি চাব লাগিছিল”।

আনহাতে, জিলা পৰিবহণ বিভাগে এই সিদ্ধান্ত মহানগৰীৰ পৰিবহণ সংস্থাসমূহৰ লগত কোনো আলোচনা নকৰাকৈয়ে গ্ৰহণ কৰা বুলি চিটী বাছৰ তিনিটা সংস্থাই আমাক জানিবলৈ দিয়ে।

এই বিষয়ে গুৱাহাটী মহানগৰ পৰিবহণ সংস্থাৰ সভাপতি প্ৰৱণ ডেকাই নৰ্থ-ইষ্ট নাওক কয়, “চিটী বাছত হেণ্ডিমেন হিচাপে কাম কৰি বহুতেই পৰিয়াল পোহপাল দিছে। তেওঁলোকে এতিয়া কি কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন। জিলা পৰিবহণ বিভাগে সিদ্ধান্ত লোৱাৰ আগত আমাৰ লগত কোনো আলোচনা কৰা নাই।”

একদৰে পৰিবহণ বিভাগৰ এই সিদ্ধান্তত অসন্তুষ্ট গ্ৰে’টাৰ গুৱাহাটী ডিলাক্স এক্সপ্ৰেছ নামৰ সংস্থাটোও। সংস্থাটোৰ সভাপতি ছাইফুল ইছলামে কয়, “অসমীয়া ল’ৰাই কিবা এটা কৰি চলি আছে। কিন্তু এনে সিদ্ধান্তই এতিয়া তেওঁলোকৰ লগতে পৰিয়াললৈ হাহাকাৰ নমাই আনিব”।

ইছলামেও তেওঁলোকৰ সংস্থাটোক এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো আলোচনালৈ মতা নাছিল বুলিও জানিবলৈ দিয়ে। ওপৰোক্ত দুয়োটা সংস্থাৰ সভাপতিয়ে চিটী বাছৰ পৰা হেণ্ডিমেন নাইকীয়া হ’লে দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা ব্যক্ত কৰে।

উল্লেখযোগ্য যে চিটী বাছসমূহৰ গুৱাহাটীত তিনিটা সংস্থা আছে। আনটো সংস্থাৰ নাম ‘গুৱাহাটী পৰিবহণ সংস্থা’। তিনিওটা সংস্থাই এই সন্দৰ্ভত আলোচনা কৰি জিলা পৰিবহণ বিষয়াক বিষয়টো পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনাবলৈ যাব বুলি নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে কথা পতা দুয়োটা সংস্থাৰ সভাপতিয়ে জানিবলৈ দিয়ে।

ইপিনে, এই সিদ্ধান্ত সন্দৰ্ভত কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিষয়া বাপন কলিতাই কয় যে বিভাগে এই সিদ্ধান্তসমূহ যানবাহন আৰক্ষী আৰু আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি লৈছে।

“চিটী বাছৰ পৰা হেণ্ডিমেন নাইকীয়া কৰিবলৈ অনুৰোধ জনোৱাহে হৈছে।  মূলতঃ তিনিটা কাৰণত এই অনুৰোধ জনোৱা হৈছে। ইয়াৰ ভিতৰত চিটী বাছত হেণ্ডিমেন আৰু কণ্ডাক্টৰ ল’গ হৈ যাত্ৰীৰ সৈতে কাজিয়া কৰাৰ বহু অভিযোগ আমি পাওঁ। কেতিয়াবা যাত্ৰীক মাৰপিটো কৰে। দ্বিতীয়তে, বহু চিটী বাছত ১৮ বছতকৈ কম বয়সৰ ল’ৰা একোজনক হেণ্ডিমেন হিচাপে লৈ ফুৰে। আনকি বাছৰ মালিকে হেণ্ডিমেন কোন চিনিয়ে নাপায়। তৃতীয়তে, মালিকৰ অজ্ঞাতে বহু চিটী বাছত হেণ্ডিমেনজনেই চালক হৈ বাছখন চলাই থাকে। এনে অভিযোগ আমি মালিক পক্ষৰ পৰাই পাইছো”।

জিলা পৰিবহণ বিষয়াগৰাকীয়ে এনেকুৱা তৰল যুক্তিৰে সিদ্ধান্তসমূহ জনস্বাৰ্থত লোৱা হৈছে বুলিও নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

কিন্তু যাত্ৰীৰ সৈতে বাছৰ কৰ্মচাৰীৰ কাজিয়া, শিশু শ্ৰমিক বা হেণ্ডিমেনে অকৰ্তৃত্বশীলভাৱে চিটী বাছ চলোৱা আদি সমস্যাসমূহ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা পৰিবহণ বিভাগ, যানবাহন আৰক্ষী বা সংশ্লিষ্ট বিভাগসমূহক দায়িত্ব পালনত বাধ্য নকৰি হেণ্ডিমেনক কামৰ পৰা খেদাক এই সমস্যাবোৰৰ সমাধান সূত্ৰ হিচাপে লোৱাটো কিমান দূৰ সমীচীন?

Related News