NORTHEAST NOW (Assamese)

“হিন্দু বাংলাদেশীক অনুসূচিত জাতি সজোৱাৰ কৌশল লৈছে চৰকাৰে”

February 7, 2019 11:27 pm · কল্পজ্যোতি শইকীয়া
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বৃ্হস্পতিবাৰৰ সংবাদমেলৰ দৃশ্য।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰি হিন্দু বাংলাদেশীসকলক অনুসূচিত জাতি সজোৱাৰ এক কৌশল ৰচনা কৰিছে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে। বৃহস্পতিবাৰে এই মন্তব্য অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰমানন্দ দাসৰ।

দিচপুৰ প্ৰেছ ক্লাবত সংবাদমেলযোগে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে দাসে।

তেওঁ কয় যে বিধেয়কখনৰ দ্বাৰা আহিবলগীয়া হিন্দু বাংলাদেশীসকলৰ ৮০ শতাংশই “নমশূদ্ৰ” সম্প্ৰদায়ৰ। গতিকে দাসৰ সন্দেহ চৰকাৰে এই হিন্দু বাংলাদেশীসকলক অনুসূচিত জাতি সজাবলৈ চেষ্টা কৰিব।

এই নমশূদ্ৰ উপজাতিটো  অনুসূচিত জাতিৰ  ১৬ টা উপজাতিৰ  এটা বুলি উল্লেখ কৰি দাসে লগতে কয় যে বাংলাদেশৰ পৰা আহিবলগীয়া এই উপজাতিৰ লোকসকলে অসমৰ প্ৰকৃত খিলঞ্জীয়া অসমীয়া অনুসূচিত জাতিৰ মানুহৰ সুবিধাসমূহ কাঢ়ি নিব।

ইয়াৰোপৰি ৰহা, দেৰগাওঁ, জাগীৰোড, মঙ্গলদৈ, বকোকে ধৰি ৰাজ্যৰ ৮ টা বিধানসভা সমষ্টিৰ কমেও তিনিটা সমষ্টি বাংলাদেশী মূলৰ লোকৰ হাতলৈ যোৱাটো খাটাং হৈ পৰিছে বুলিও দাবী কৰে পৰমানন্দ দাসে।

তেওঁ কয় বিধেয়ক গৃহীত হ’লে পিযুষ হাজৰিকা জাগীৰোড সমষ্টিৰ পৰা বিধায়ক হ’ব নোৱাৰাৰ উপৰি বকোৰ নন্দিতা দাস, মঙ্গলদৈৰ গুৰুজ্যোতি দাস আৰু ৰহাৰ ডিম্বেশ্বৰ দাসো বিধায়ক হিচাপে নিৰ্বাচিত হ’ব নোৱাৰিব।

অনুসূচিত জাতিৰ ব্যক্তি বৰ্তমানৰ মন্ত্ৰী পিযুষ হাজৰিকা আৰু বিধায়ক গুৰুজ্যোতি দাস আৰু ডিম্বেশ্বৰ দাসক পদ ত্যাগ কৰি বিধেয়কখন বাতিল কৰাৰ দাবী জনাবৰ দাসে বাবে আহ্বান জনায়। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিৰ মৃত্যুৰ শেল।‘ দাসে কয়।

সংবাদমেলখনত পৰমানন্দ দাসৰ লগতে পিংকু দাস চৌধুৰী, ধ্ৰুৱজ্যোতি ভৰালী আৰু দিব্যজ্যোতি দাস উপস্থিত আছিল।

Related News