• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত বিজেপিৰ চমকপ্ৰদ প্ৰচাৰৰ আগত নিষ্প্ৰভ কংগ্ৰেছ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 8, 2019 8:37 pm
BJP campaign

মাৰ্ঘেৰিটাত বিজেপিৰ প্ৰচাৰ অভিযান

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত লোকসভা নিৰ্বাচনৰ  প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত আজি বিজেপিয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তুৰ্গত ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত এক বিশাল বাইক ৰেলী উলিয়াই পঞ্চায়তে পঞ্চায়তে আৰু ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজক ৰামেশ্বৰ তেলীক ভোটদান কৰিবলৈ আহ্বান জনায়।

মাৰ্ঘেৰিটা নগৰৰ পৰা ওলোৱা বাইক ৰেলীত দলৰ নেতা ভৱেন শৰ্মা, ভীম কৰ্মকাৰ, ভৱেশ দত্তৰ সৈতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই অংশগ্ৰহণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । প্ৰায় এক সহস্ৰাধিক লোকে এই পদযাত্ৰাত অংশ গ্ৰহণ কৰি  আকৌ এবাৰ মোডী চৰকাৰ , বিজেপিক ভোট দিয়ক, ৰামেশ্বৰ তেলী জিন্দাবাদ ,ভাস্কৰ শৰ্মা জিন্দাবাদ আদি শ্লগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

আনহাতে, লিডুত থকা কাৰ্যালয়ত আজি শামুকজান গাওঁ পঞ্চায়তৰ ১৫ গৰাকী কংগ্ৰেছ কৰ্মীয়ে বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ উপৰিও প্ৰতিদিনে মাৰ্ঘেৰিটা বিজেপিৰ কাৰ্যালয়ত বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতত বহু পুৰুষ আৰু মহিলাই বিজেপিত যোগদান কৰি থকা বাতৰি লাভ কৰা হৈছে।

উল্লেখযোগ্য যে, নিৰ্বাচনলৈ মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰ শূণ্যত পৰিণত হৈছে। সমষ্টিটোত কংগ্ৰেছ দলে নিলৰ্জ আত্মসমৰ্পণ কৰবলৈ বাধ্য হোৱা বুলি চৌদিশে চৰ্চা চলিছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে দুদিন সমষ্টিটোলৈ আহি সৰু সৰু কেইখনমান নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিয়ে নিৰ্বাচনী প্ৰচাৰ সামৰণি মাৰে ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল মাৰ্ঘেৰিটাৰ কংগ্ৰেছী সমৰ্থকসকলে নিজ সংসদীয় সমষ্টিৰ  প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰতকৈ নগাওঁ সংসদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুত বৰদলৈক লৈহে অধিক ব্যস্ত থকা পৰিলক্ষিত হয়। যি সময়ত ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ কাৰ্যালয়ত যথেষ্ট সমৰ্থক তথা দলীয় নেতৃত্বই ভিৰ কৰি আছে সেই সময়ত মাৰ্ঘেৰিটাৰ কংগ্ৰেছৰ কাৰ্যালয়ত দলীয় কৰ্মী তথা সমৰ্থকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা ধৰণৰ।

তদুপৰি সমষ্টিটোত বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ তৎপৰতাত দলৰ সবল সাংগঠনিক ভেটি থকাৰ পাছতো দুখনকৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। ইয়াৰ বিপৰীতে সুদীৰ্ঘ বছৰ কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিচিত সমষ্টিটোত লোকসভাৰ দৰে গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ  প্ৰচাৰৰ ক্ষেত্ৰত তেনেই গুৰুত্ব নিদিয়াটোৱে তাৎপৰ্য বহন কৰিছে।

স্বাভাৱিকতেই দলটোৰ তৃণমূল কৰ্মী সকলৰ মাজত হতাশাৰ সৃষ্টি হৈছে। প্ৰদ্যুত বৰদলৈৰ অনুপষ্ঠিতিত নেতৃত্বৰ অভাৱত ভোগা একাংশ দলীয় কৰ্মীয়ে এইবাৰৰ লোকসভা নিৰ্বাচনত প্ৰায় নিৰ্লিপ্ত হৈয়ে সময় পাৰ কৰা বুলি জানিব পৰা গৈছে ।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত বিশাল জনমতৰ সৃষ্টি হৈছিল। ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱাৰ পাছত জাতীয় সংগঠন সমূহে বিধেয়কখনৰ লগতে বিজেপিৰ বিৰুদ্ধে গাঁ‌ৱে গাঁ‌ৱে জনমত গঠন কৰিব বুলি ঘোষণা কৰিছিল যদিও মাৰ্ঘেৰিটাত সামান্যৰূপেও এনেধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত নহ’ল, যাৰ বাবে সমষ্টিটোত কেবৰ(CAB) প্ৰসংগই ভোটদানৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই।

সমষ্টিটোৰ জলন্ত সমস্যা সমূহৰ ক্ষেত্ৰত সাংসদ হিচাপে তেলীৰ ভূমিকাক লৈ সৰ্বসাধাৰণতো বাদেই একাংশ বিজেপি কৰ্মীও সুখী নহয় বুলি চৰ্চা আছে । কিন্তু সমষ্টিটোত কংগ্ৰেছৰ উদাসীন প্ৰচাৰৰ বিপৰীতে বিধায়ক ভাস্কৰ শৰ্মাই সন্মুখৰ পৰা নেতৃত্ব লৈ চলোৱা চমকপ্ৰদ প্ৰচাৰ আৰু আঢ়ৈ বছৰে ৰূপায়ণ কৰা উন্নয়ণমৃলক আঁচনিৰ সুবাদতে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰতকৈ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে যে বিপুল ভোটত আগবাঢ়ি থাকিব সেইয়া ৰাজনৈতিক বিজ্ঞ মহলে একমুখে স্বীকাৰ কৰি লৈছে।

আনহাতে, চ’ছিয়েল মিডিয়া , বেনাৰ , পষ্টাৰ আদিৰ ক্ষেত্ৰতো মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত বিজেপি যথেষ্ট আগবাঢ়ি থকা পৰিলক্ষিত হৈছে।

Tags: নিৰ্বাচন ২০১৯
মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd