অগপৰ দুৰ্গত বিজেপিৰ মোক্ষম আঘাত : ক্ষমতাৰ খকত গাদী খামুচি নেতৃত্ব

AGP_b_10032016

এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে আৰু গৰিষ্ঠ সংখ্যক পঞ্চায়তৰে ফলাফল প্ৰকাশ পাইছে। গধূলিৰ ভিতৰত প্ৰায় আটাইবোৰ ফলাফল ওলোৱাৰ সম্ভাৱনা আছে।এতিয়ালৈকে শাসকীয় বিজেপি দলেই বেছি আসন লাভ কৰাৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছেও বহু সমষ্টিত ভাল ফলাফল প্ৰদৰ্শন কৰিছে।কিন্তু চৰকাৰৰ মিত্ৰজোঁটত থকা আঞ্চলিক দল অসম গণ পৰিষদে যে ইয়াৰ স্থিতি হেৰুৱাইছে সেয়া নিৰ্বাচনী ফলাফলে প্ৰায় স্পষ্ট কৰি তুলিছে। অইন নালাগে, অগপৰ সভাপতিগৰাকীৰ সমষ্টিতে দলটো প্ৰায় নিচিহ্ন হৈ পৰিছে।

অগপৰ এই শোচনীয় প্ৰদৰ্শনৰ বাবে দলটোৰ নেতৃত্বই যে দায়ী সেই কথা দোহৰাৰ প্ৰয়োজন নাই। বিগত এবছৰ ধৰি দলটোৱে অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰি আহিছে। অগপৰ নেতৃত্বৰ স্থিতি কোনোদিনে স্পষ্ট নোহোৱাৰ ফলত জনসাধাৰণৰ আস্থা ক্ৰমে শেষ হৈ আহিছে আৰু আঞ্চলিকতাবাদৰ প্ৰতি মোহভংগ ঘটাৰ উপক্ৰম হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগতো দলটোৱে অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰি আহিছে। মুঠতে বিজেপিৰ ‘বি টীম’ হিচাপে অগপ নেতৃত্বই নিজৰ ভেটি বিক্ৰী কৰি নিঠৰুৱা হৈ পৰিছে।

কেৱল ক্ষমতাৰ খকতে দলটোৰ নেতৃত্বই দৃঢ় সিদ্ধান্ত লোৱাৰ বিপৰীতে আভুৱা ভৰা ৰাজনীতিত সময় কটাইছে। জনসাধাৰণে লাহে লাহে বুজি উঠিছে যে দলটোৰ বৰ্তমান নেতৃত্বই অসমত আঞ্চলিকতাবাদক বিদায় দিয়াৰ বাবেহে সাজু হৈছে। ৰাজনৈতিক পৰ্যবেক্ষকসকলে ক’ব খোজে যে পঞ্চায়ত নিৰ্বাচনত অগপৰ উত্থানৰ বাবে এটা সোণালী সুযোগ আছিল। কিন্তু ক্ষমতাৰ মোহ এৰিব নোৱাৰা নেতৃত্বই শেষ মুহূৰ্তলৈকে বিজেপিৰ আমদানিকৃত নেতাৰ গঞ্জনা সহ্য কৰি থাকিল।পৰিণতিত আঞ্চলিকতাবাদী চিন্তাধাৰাক সন্মান জনোৱা জনসাধাৰণে অগপ নেতৃত্বৰ ওপৰত নাৰাজ হোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে যেন এক সকীয়নিও প্ৰদান কৰিলে।

অসমত আঞ্চলিকতাবাদৰ উত্থানৰ আঁৰত যি স্বাভিমানী অসমীয়াৰ শক্তি নিহিত আছিল সেয়া ক্ৰমে নিস্তেজ হৈ পৰিছে। কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বলি হৈ বিগত সময়ত কঁকাল পোন কৰিব নোৱাৰা অগপই বিজেপিৰ মাজত যি মিত্ৰতাৰ সন্ধান কৰিছিল তাত চল-চাতুৰীয়েহে প্ৰাধান্য লাভ কৰিলে, বিশ্বাস বা আস্থাই নহয়। কিয়নো অসম বিজেপিতো এতিয়া ছদ্মবেশী কংগ্ৰেছীৰ মন্ত্ৰণাহে অধিক কাৰ্যকৰী। ৰাষ্ট্ৰীয়তাবাদৰ নামত বিজেপি-কংগ্ৰেছে আঞ্চলিকতাবাদ ধ্বংসক তেওঁলোকৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰি আহিছে। লুণ্ঠনৰ নীতি আৰু জাতিসত্ত্বাৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি এই দুয়োটা ৰাজনৈতিক দলে দেশত ব্যাপক গোষ্ঠী সংঘাতৰ পৃষ্ঠভূমি গঢ়ি তুলিছে।

অসমীয়া জাতীয়তাবাদক দুৰ্বল কৰি তোলাৰ ষড়যন্ত্ৰত দেশৰ দুই প্ৰধান ৰাজনৈতিক দলেই সমানে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ দেশৰ পাঁচখন ৰাজ্যত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে এটা কথা প্ৰমান কৰিছে যে দুয়োটা প্ৰধান ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ মাজতো আঞ্চলিকতাবাদে প্ৰাসংগিকতা হেৰুওৱা নাই। তেলেংগানা আৰু মিজোৰামত আঞ্চলিক ৰাজনীতিৰ সাফল্যই দেশৰ আন আন আঞ্চলিকতাবাদী দলবোৰকো উৎসাহিত কৰি তুলিব। সেয়েহ,অগপই এই দিশত এক নিৰ্মোহ বিশ্লেষণ কৰাৰ সময় আহি পৰিছে। দলটোৱে কৃত্ৰিম অক্সিজেন গ্ৰহণ কৰি বৰ্তি থাকিব নে মুকলিমুৰীয়াকৈ নিজৰ স্বাস্থ্য টনকিয়াল কৰিব?

পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত বিজেপিৰ ৰণ কৌশলৰ আগত তিষ্ঠিব নোৱাৰি অগপ নেতৃত্বই যেনেদৰে আত্মসমৰ্পন কৰিলে সিয়ে দলটোৰ নিষ্ঠাৱান কৰ্মীসকলক ক্ষুব্ধ কৰি তুলিছে আৰু পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে একপ্ৰকাৰ নিৰ্বিকাৰ ভূমিকাহে গ্ৰহণ কৰিলে।পৰিণতিত অগপৰ নিৰ্বাচনী প্ৰচাৰো হৈ পৰিল তেনেই নিস্প্ৰাণ আৰু আকৰ্ষণহীন। অগপ নেতৃত্বৰ দুৰ্বলতাৰ সুযোগ লৈ অগপৰ দুৰ্গত মোক্ষম আঘাত হানিবলৈ সক্ষম হ’ল বিজেপি। একেদৰে স্থান বিশেষে অগপৰ বিকল্প হিচাপে  জনসাধাৰণে কংগ্ৰেছ বা নিৰ্দলীয় প্ৰাৰ্থীকহে বিবেচনা কৰিলে। ফলাফলে অগপৰ মনোবল যে দুৰ্বল কৰিব সেয়া স্পষ্ট।

এতিয়া অগপ নেতৃত্বইনো কি কৰা উচিত? ক্ষমতাৰ খকতে গাদী খামুচি বহি থকা উচিত নে জনসাধাৰণৰ মাজলৈ আহি ভুলৰ সংশোধন কৰা উচিত? কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে অগপৰ বৰ্তমান নেতৃত্বই দলটোৰ হৃত গৌৰৱ উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে? এই ক্ষেত্ৰত দলটোৰ নেতাসকলে সুবিধাবাদী অৱস্থান ত্যাগ কৰি জনসাধাৰণৰ ৰায় গ্ৰহণ কৰা উচিত। আমি ভাৱো, নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ হাততো দলৰ নেতৃত্বৰ কিছু নিয়ন্ত্ৰণ থকা উচিত।ৰাজ্যখনৰ উঠি অহা প্ৰজন্মক আকৰ্ষণ কৰিবলৈ নতুন প্ৰজন্মৰ নেতাসকলক সন্মুখৰ শাৰীত থিয় কৰাব লাগিব। যিহেতু দলৰ বহু প্ৰবীণ নেতাই বিশ্বাসঘাতকতা কৰি দলটোক বেকফুটলৈ ঠেলি দিছে, সেয়েহে নতুন প্ৰজন্মৰ নেতাৰ দ্বাৰা তেওঁলোকক প্ৰত্যাহ্বান জনাব লাগিব।