সত্ৰৰ ভূমি বেদখলত জড়িত বিজেপি নেতা; গণককুছি সত্ৰৰ ভকত-আই মাতৃৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন সত্ৰৰ বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আছে সেই সময়তে এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে সত্ৰৰ ভূমি বেদখল কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

বৰপেটাৰ ঐতিহ্যমণ্ডিত গণককুছি সত্ৰৰ ভূমি বেদখলত নাম সাঙোৰ খাইছে বৰপেটাৰ এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ৷

বৰপেটা জিলা বিজেপিৰ নেতা মুকুটৰঞ্জন দাসে গণককুছি সত্ৰৰ ভূমি বেদখল কৰাৰ অভিযোগ তুলি আজি গণককুছি সত্ৰৰ ভকত-আই মাতৃ সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

বেদখল কৰা ভূমিৰ সন্মুখত ৰূপায়ন কৰা এই ধৰ্মঘট কাৰ্যসূচীত শ্ৰী শ্ৰী বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ তথা অসম জাতীয় মহাসভাৰ সভাপতি দেৱানন্দ দেৱগোস্বামী, প্ৰধান সম্পাদক হৰেকৃষ্ণ তালুকদাৰ, সাংগঠনিক সম্পাদক নিৰঞ্জন মহন্তৰ লগতে অইন সত্ৰৰো একাংশ ভকত উপস্থিত থাকে৷

অৱস্থান ধৰ্মঘটস্থলীত ভকত-আই মাতৃ সকলে “সত্ৰৰ ভূমি বেদখলমুক্ত কৰক, সত্ৰৰ ভূমি বেদখল কৰা মুকুটৰঞ্জন দাস মুৰ্দাবাদ” আদি বিভিন্ন শ্লোগান দিয়ে ৷

 প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ অন্তত গণককুছি সত্ৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰৰ জৰিয়তে গণককুছি সত্ৰৰ ভূমি বেদখলকাৰীক উচ্ছেদৰ দাবী জনায় ৷

এতিয়া সত্ৰৰ ভূমি বেদখল কৰা বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷