মহিলাৰ শ্লীলতাহানিৰ অভিযোগ! নিৰ্বাচনৰ মাজতে গ্ৰেপ্তাৰ হ’ল হেভিৱেট বিজেপি নেতা

বিজেপি নেতা দেৱৰাজ গৌড়া। ফটোঃ সংগ্ৰহীত।

তেওঁৰ বিৰুদ্ধে  প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জল ৰেভান্নাৰ যৌন নিৰ্যাতনৰ ভিডিঅ’ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। তেওঁ অৱশ্যে কংগ্ৰেছকহে ইয়াৰ বাবে দোষাৰোপ কৰিছে। সেই বিজেপি নেতা দেৱৰাজ গৌড়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। ৩৬ বছৰীয়া এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, যোৱা ১ এপ্ৰিলত নেতাগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। কিন্তু এতিয়াহে সেই কথা পোহৰলৈ আহিছে। অৱশেষত শুকুৰবাৰে বাংগালুৰুৰ পৰা চিত্ৰদুৰ্গালৈ যোৱা পথত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়কঃ কোভিশ্বিল্ডৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াত উদ্বেগ! কেন্দ্ৰক সকলো কোভিড ভেকচিনৰ পুনৰীক্ষণৰ আৰ্জি চিকিৎসকৰ

তেওঁৰ বিৰুদ্ধে সঠিক অভিযোগ কি? অভিযোগ অনুসৰি, দেৱৰাজে এগৰাকী ৩৬ বছৰীয়া মহিলাক তেওঁৰ সম্পত্তি বিক্ৰী কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আৰু সেই সুযোগতে তেওঁক নিৰ্যাতন চলাইছিল। আৰক্ষীয়ে তেওঁৰ জেৰা আৰম্ভ কৰিছে।

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বলৰ কেইবাটাও অশ্লীল ভিডিঅ’ নেট জগতত বিয়পি পৰিছে। অভিযোগ উত্থাপন হৈছিল যে প্ৰজ্জলে একেৰাহে তিনি বছৰ ধৰি নিজৰ ঘৰৰ পৰিচাৰিকাসকলক যৌন নিৰ্যাতন চলাইছিল। তদন্ত আৰম্ভ হোৱাৰ লগে লগে তেওঁ পলায়ন কৰে। ইতিমধ্যে চিবিআইয়ে তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ জাননী দাখিল কৰিছে।

লগতে পঢ়কঃ IPL 2024: শুভমন-সুদৰ্শনৰ শতকেৰে দুৰ্দান্ত জয়! গুজৰাটৰ হাতত হাৰি কঠিন হ’ল চেন্নাইৰ প্লে অফৰ পথ

জানিব পৰা গৈছে যে সেই ভিডিঅ’ প্ৰচাৰৰ আঁৰত এই দেৱৰাজেই আছে। তেওঁ অৱশ্যে দোষ কংগ্ৰেছৰ ওপৰত ঠেলি দিয়ে। উল্লেখযোগ্য যে ২০২৩ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত প্ৰজ্জ্বলৰ পিতৃ এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে দেৱৰাজে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যোৱা বছৰ তেওঁ এইবাৰৰ লোকসভা নিৰ্বাচনত হাছান সমষ্টিৰ পৰা জেডি(এছ)ৰ প্ৰাৰ্থী প্ৰজ্জলক টিকট নিদিবলৈ বিজেপিক আবেদন জনাইছিল।