NORTHEAST NOW (Assamese)

কংগ্ৰেছক ৰাহুল গান্ধীক পদৰ পৰা অৱসৰ প্ৰদানৰ পৰামৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ

May 23, 2019 4:08 pm · এন ই নাও নিউজ
ড০ হিমন্ত বিশ্ব শৰ্মা। ফটো : এন ডি টিভিৰ সৌজন্যত

অসমৰ বিজেপি নেতা তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছক কটাক্ষ কৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক পদৰ পৰা অৱসৰ দিয়াৰ পৰামৰ্শ দিয়ে।

লোকসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে নিৰংকুশ বিজয় সাৱ্যস্ত কৰাৰ দিশত আগবঢ়াৰ পাছত আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছক কি পৰামৰ্শ দিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিজেপি নেতা শৰ্মাই দলটোৱে ৰাহুল গান্ধীক অৱসৰ দিয়া উচিত বুলি কয়।

অসমকে ধৰি উত্তৰ –পূৰ্বাঞ্চলত বিজেপিৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ অভিযানতো ব্যাপকভাৱে অংশগ্ৰহণ কৰিছিল। তদুপৰি, যোৱা লোকসভাত পশ্চিমবংগত মাত্ৰ দুখন আসনত জয় লাভ কৰা বিজেপিয়ে এইবাৰ ১৮ খন আসনত অগ্ৰগতি লাভ কৰি বিজয়ৰ দিশে অগ্ৰসৰ হৈছে।

তেজপুৰৰ পৰা নিৰ্বাচন খেলাৰ মন কৰা ড০ শৰ্মাক শেষ মুহূৰ্তত দলে বাৰণ কৰিছিল আৰু নিৰ্বাচনী প্ৰচাৰত লগাৰ বাবে নিৰ্দেশ দিছিল। দলৰ কেন্দ্ৰীয় নেতৃত্বই শৰ্মাক নিৰ্বাচনৰ পাছতে অধিক দায়িত্ব অৰ্পন কৰাৰ আশ্বাস দিছিল।

Related News