• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমৰ্থকৰ চুনামী! জালুকবাৰীৰ পৰা পাণবজাৰলৈকে পথ বন্ধ কৰি হিমন্তই দাখিল কৰিলে মনোনয়ন

জাতীয় নায়ক ‘সৰ্বানন্দ’ৰ সন্মুখতে হিমন্তৰ সমৰ্থকৰ চিঞৰ ‘অসমৰ নায়ক জিন্দাবাদ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 19, 2021 7:29 pm
a him 1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ৰাজপথত পৰিকল্পিতভাৱে বিজেপিৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে নিজৰ শক্তি।

হিমন্তই শক্তি প্ৰদৰ্শন কৰিলে ঠিকেই কিন্তু জালুকবাৰীৰ পৰা পাণবজাৰলৈকে হিমন্তৰ বৃহৎ ৰেলীৰ বাবে ৫-৬ ঘন্টা বন্ধ হৈ থাকিল পথছোৱা।

Apply Now

১০ সহস্ৰাধিক জালুকবাৰীৰ সমৰ্থকৰে শক্তি প্ৰদৰ্শন কৰা হিমন্তৰ বাবেই যেন অন্য সাধাৰণ লোকে এক প্ৰকাৰৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

ভৰলুস্থিত সোণাৰাম খেলপথাৰৰ পৰা ৰাস্তাৰ দুয়োকাষে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকৰে ৰেলী ।

যাৰ ফলত এখন এম্বুলেন্সো কিছু সময়ৰ বাবে আৱদ্ধ হৈ থকা বুলি আমাৰ হাতলৈ খবৰ আহিছে।

ইপিনে, আৰক্ষীয়ে বেৰিকেড দি ৰখা সত্বেও কিছুসংখ্যক হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকে উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখভাগলৈকে প্ৰৱেশ কৰি হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ ধ্বনি দিয়ে।

অৱশ্যে, বিৰোধী প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ সৈতে ৪ জন লোককহে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল বেৰিকেড দি থোৱা অংশত।

তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিজেপিৰ কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্ব বেৰিকেড দি থোৱা অংশত প্ৰৱেশ কৰাৰ লগতে বেৰিকেড পাৰ হৈ আহি প্ৰায় অৰ্ধ শতাধিক লোকে কিদৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ‘বিজেপি জিন্দাবাদ, ‘অমিত শ্বাহ জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিবলৈ সুযোগ পালে সেয়া আলোচ্যৰ বিষয় হৈ পৰিছে।

a himu 2

ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তাত তেওঁ কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিজেই বেৰিকেড থকাৰ পাছতো তাত প্ৰৱেশ কৰিছে। তেওঁলোকে   আইন কিমান নামানে তাতে ধৰা পৰি গৈছে।  আইন শৃংখলা নামানি  তেওঁলোকে সাধাৰণ জনতালৈ এনে বাৰ্তা দিয়াৰ ফলতে এক অৰাজকতা আৰম্ভ হয়।‘

পাণবজাৰৰ কাছাৰী অঞ্চলৰ দুয়োফালে বেৰিকেড লগোৱা মাজৰ অংশত কেৱল সংবাদ মাধ্যম, প্ৰাৰ্থী-অধিবক্তাসহ ৫ গৰাকী, উক্ত অঞ্চলত থকা কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰী, আৰক্ষী-প্ৰশাসনৰ লোক থাকিব পাৰিব বুলি ধাৰ্য্য কৰা হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষৰে গৈ থকা সময়তে হিমন্তৰ একাংশ সমৰ্থকে ‘অসমৰ নায়ক  জিন্দাবাদ’ ধ্বনি দিয়ে।

a himamm 3

ইপিনে, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰীকে ধৰি মুঠ ৬ গৰাকী মুখ্যমন্ত্ৰীয়ে মনোনয়ন দাখিলৰ পূৰ্বে সংগ দিয়া কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

তাৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলীত মনোনয়ন দাখিলৰ সময়ছোৱাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকহে দেখিবলৈ পোৱা গৈছিল।

ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ২০২১ ত বিজেপি চৰকাৰ হ’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ ইতিমধ্যেই মসৃণ হৈ পৰিছে।

ভিডিঅ’ লিংক  https://www.facebook.com/NNUnscripted/videos/2912703812351401

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm
মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm
ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

June 22, 2026 5:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd