NORTHEAST NOW (Assamese)

মহানগৰীত মৃত অৱস্থাত উদ্ধাৰ বিজেপি নেতা কমল দে, হত্যাৰ সন্দেহ

January 6, 2025 10:37 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 6, 2025 10:38 am

সোমবাৰে পুৱা গুৱাহাটীত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা। গুৱাহাটীৰ মালিগাঁও অঞ্চলত স্থানীয় ৰাইজে মৃত অৱস্থাত উদ্ধাৰ কৰে কমল দেক। কমল দে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ এগৰাকী যুৱ বিজেপি নেতা।

কমল দে বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি আছিল। তেওঁৰ ঘৰ শংকৰদেৱ নগৰৰ এটা শাখা পথৰ সমীপত তেওঁক মৃত অৱস্থাত পোৱা গৈছে।

খবৰ অনুসৰি দেওবাৰে সন্ধিয়া দে ঘৰলৈ উভতিছিল যদিও আহি নাপালে।

আৰক্ষীয়ে সকলো দিশৰ পৰা এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰথম অৱস্থাত ঘটনাটো দুৰ্ঘটনাৰ দৰে যেন লাগিলেও আৰক্ষীয়ে হত্যাৰ সম্ভাৱনাক নুই কৰা নাই।

ঘটনাস্থলীৰ ওচৰতে এখন মটৰ চাইকেলো উদ্ধাৰ হয় যদিও সেইখন দেৰ নাছিল। ইয়াৰ ফলত তেওঁৰ মৃত্যুৰ বিষয়টোৱে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

বৰ্তমান আৰক্ষীয়ে দেৰ কল ৰেকৰ্ড আৰু তেওঁৰ মৃত্যুৰ আগৰ গতিবিধিৰ পৰিঘটনাসমূহ মিলাই চালিজাৰি চাই আছে।

মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে সেইটো নিৰ্ণয় কৰিবলৈ সম্ভাৱ্য সকলো দিশ বিশ্লেষণ কৰি আছে।

Related News