বিষ মিহলোৱা ইঞ্জেকশ্যন দি হত্যা কৰাৰ অভিযোগ; যোগী ৰাজ্যত বিজেপি নেতাৰ মৃত্যুত তীব্ৰ চাঞ্চল্য
বিষ মিহলোৱা ইঞ্জেকশ্যনেৰে বিজেপি নেতাক হত্যা কৰাৰ অভিযোগত উত্তৰ প্ৰদেশত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, গুলফাম সিং যাদৱ নামৰ ৰাজনীতিবিদজনৰ ফাৰ্ম হাউচত হঠাৎ তিনিজন অচিনাক্ত দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰে। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে যে তেওঁলোকই বিষ মিহলোৱা বেজীৰে খুচি বিজেপি নেতাজনক হত্যা কৰিছে।
জানিব পৰা মতে, সোমবাৰে নিশা গুলফাম সিং যাদৱ গুনৌৰ অঞ্চলৰ দেৱথৰা গাঁৱৰ নিজৰ ফাৰ্ম হাউচত আছিল। নিশা ১ বজাত হঠাৎ তিনিজন অচিনাকি লোক তেওঁৰ ঘৰত বাইকেৰে আবিৰ্ভাৱ হয়। নেতাজনৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিবলৈ ধৰে। অলপ সময় কথা পাতি সিহঁতে পানী বিচাৰে। গুলফাম সিং যাদৱে তেওঁলোকক পানী আনি দিয়ে।
ইয়াৰ পিছত তেওঁ বিচনাখনত গা এৰি দিলে। তেওঁ কিবা গম পোৱাৰ আগতেই মানুহ তিনিজনে তেওঁৰ হাত-ভৰিত চেপি ধৰে। বলপূৰ্বকভাৱে তেওঁৰ শৰীৰত বেজী সুমুৱাই দিয়া হয়। ইয়াৰ পিছতে মটৰচাইকেলত উঠি তিনিওজনে পলায়ন কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, গুলফাম সিং যাদৱৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। তেওঁ অচেতন হৈ পৰে। ততাতয়াকৈ তেওঁক ওচৰৰ গুন্নাউৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। অৱস্থা সংকটজনক হোৱাৰ বাবে বিজেপি নেতাজনক আলিগড় হায়াৰ চেন্টাৰ হাস্পাতাললৈ স্থানান্তৰ কৰা হয়। কিন্তু তাত থকা চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
প্ৰাথমিকভাৱে এই বেজীটোত বিষ থকা বুলি ধাৰণা কৰা হৈছে। তাৰ বাবেই এই ভয়াবহ পৰিণতি। ঘটনাস্থলীৰ পৰা চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে। আলিগড়ৰ এছ পি কে কে বিষ্ণোই ইংগিত দিছে যে তাৰ পৰা কিছু গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা গৈছে। তদুপৰি পৰিয়ালৰ লোকক সোধা-পোছা কৰা হৈছে। এই হত্যাকাণ্ডৰ লগত তেওঁলোকৰ কোনো জড়িত আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অতি সোনকালে অপৰাধীক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও তদন্তকাৰী বিষয়াসকলে আশ্বাস দিছে।
উল্লেখ্য যে ২০০৪ চনত গুলফাম সিং যাদৱে সমাজবাদী পাৰ্টিৰ মুৰব্বী মুলায়ম সিং যাদৱৰ বিৰুদ্ধে গুন্নাউৰ বিধানসভা আসনৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।