আৰক্ষী, চিকিৎসাকৰ্মী আৰু সংবাদ কৰ্মীৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ পালিত বৰাৰ

ফটো : নৰ্থ-ইষ্ট নাও

মাৰাত্মক ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ স্বাৰ্থত সমগ্ৰ দেশতে আজি লকডাউন অব্যাহত। এই স্পৰ্শকাতৰ আৰু জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াই যোৱা সকলৰ কাষত থিয় দিছে অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ তথা বিজেপি নেতা পালিত বৰা।

বিজেপি নেতাগৰাকীয়ে আৰক্ষী, চিকিৎসাকৰ্মী তথা সংবাদকৰ্মী সকলে অনাগত দিনত যাতে দুগুণ উৎসাহেৰে কাম কৰি যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।

টীয়কৰ মাজ মজিয়াত অসম ৰাজ্যিক পৰিবহন নিগমৰ চৌহদত সংবাদকৰ্মীসকলক আৰু টীয়কৰ এফ আৰ য়ুত চিকিৎসক-কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰি সামগ্ৰীসমূহ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হাতত প্ৰদান কৰে।

সামগ্ৰী সমূহ বিতৰণ কৰাৰ পিছত আৰক্ষী, চিকিৎসাকৰ্মী তথা সংবাদকৰ্মী সকলক কিছু সাৱধানতাৰে নিজৰ নিজৰ দায়িত্বত আগবাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰে বিজেপিৰ নেতা গৰাকীয়ে।