• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় হঠাতে ভাষ্য সলালে অসমীয়া ছাত্ৰ-ছাত্ৰীক ‘নিষিদ্ধ’ কৰাৰ হুংকাৰ দিয়া প্ৰদীপ দত্তৰয়ে?

“আছুৱে মোৰ বিৰুদ্ধে মন্তব্য দিছে, দিব পাৰে; সেইটো গণতান্ত্ৰিক অধিকাৰ”

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
January 11, 2019 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিব নোৱাৰিব বুলি হুংকাৰ দিয়াৰ এদিন পিছতে নিজৰ ভাষ্য সলালে বৰাকৰ বিতৰ্কিত বিজেপি নেতা প্ৰদীপ দত্তৰয়ে।

আজি নৰ্থ-ইষ্ট নাওৰ আগত নিজৰ স্থিতি সম্পূৰ্ণ ওলোটাই প্ৰদীপ দত্তৰয়ে কয় যে তেওঁ কেতিয়াও অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ নিদিওঁ বুলি কোৱা নাছিল।

“মোৰ স্পষ্ট কথা হ’ল আমি কেতিয়াও অসমীয়া ল’ৰা, ষ্টুডেণ্টৰ বিৰুদ্ধে নহয়। আৰু আমি আছুকো ব্লেম কৰিব খোজা নাই। আছুৰ ইয়াত ৰেছপনছিবিলিটি নাই।”

“পিছত মই জানিব পাৰিছো যে এইটো আছুৰ কাম নহয়। কিছুমান ছাত্ৰই, যিসকল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ নহয়, ৯ জানুৱাৰি দিনা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত মমবাতি জ্বলাইছিল।” ১১ জানুৱাৰিত নতুনকৈ দিয়া এটা ভাষ্যত তেওঁ ‘পূৰ্বে ভবাৰ দৰে ছাত্ৰ-ছাত্ৰীসকল বিশ্ববিদ্যালয়ৰ নাছিল’ বুলি লুটিবাগৰ মাৰি এইদৰে কয়।

“মই এটা কথা ক’ব বিচাৰিছো, আমি আছাম য়ুনিভাৰ্ছিটি আনিছো ১০ বছৰ আন্দোলনৰ ফলত। আছু, অগপই ইয়াৰ যেনেকৈ বিৰোধিতা কৰিছিল সেইটো সকলোৱে জানে।”

“ইয়াৰ পৰিসৰ হৈছে বৰাক ভেলি, এন চি হিলছ আৰু কাৰ্বি আংলঙলৈকে। প্ৰথমে গোটেই অসমত লোৱা হৈছিল। কিন্তু আছু আৰু অগপৰ বিৰোধিতাৰ বাবে এইটো বৰাক ভেলি, এন চি হিলছ আৰু কাৰ্বি আংলং থাকিল। তথাপি ইয়াত অসমীয়া ল’ৰাবিলাক ইয়াত নিশ্চিন্তে পঢ়া-শুনা কৰি আছে।” দত্তৰয়ে কয়।  তেওঁ প্ৰায় ৩০০ অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়খনত শান্তিৰে পঢ়া-শুনা কৰি আছে বুলি কয়।

তেওঁ বিতৰ্কিত মন্তব্যৰ পাছত আছুৱে দিয়া সকীয়নিক সহজভাৱে লৈ কয়, “আছুৱে মোৰ বিৰুদ্ধে মন্তব্য দিছে। দিব পাৰে। সেইটো গণতান্ত্ৰিক অধিকাৰ। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিবোৰ ল’ৰা-ছোৱালী পঢ়ি আছে তেওঁলোকৰ অভিভাৱকক মই আশ্বাস দিছো। ইয়াত সম্পূৰ্ণ নিৰাপদ। যিবোৰ অসমীয়া মানুহ আছে সম্পূৰ্ণ নিৰাপদ হৈ আছে। বৰাকৰ মানুহ ইমান কমিউনেল নহয়।”

‘বিধেয়কখনৰ বিৰোধিতা কৰাৰ অধিকাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নাই নেকি’ বুলি নৰ্থ-ইষ্ট নাও-এ সোধাত তেওঁ তৎপৰভাৱে মোট সলাই কয়, “বিৰোধিতা কৰাৰ গণতান্ত্ৰিক অধিকাৰ আছে। তেওঁলোকে বিৰোধিতা কৰিব পাৰে। কিন্তু বৰাক ভেলিৰ মানুহৰ এটা ছেণ্টিমেণ্ট আছে। তেওঁলোকে সেইবাবে বিধেয়কখনৰ বিৰোধিতা কৰিব নালাগে। কিন্তু অসমীয়া ছাত্ৰ-ছাত্ৰীক আমি পঢ়িবলৈ নিদিওঁ বুলি কেতিয়াও কোৱা নাই।”

তেওঁ লগতে কয়, “এই বিৰোধিতা কৰি আছে অখিল গগৈৰ কৃষক মুক্তি মৰ্চা আৰু অসম খিলঞ্জীয়া মঞ্চই। অখিল গগৈয়ে অসমীয়া আৰু বাঙালীৰ মাজত বিভাজন আনিব বিচাৰিছে।”

উল্লেখযোগ্য যে যোৱা ৯ জানুৱাৰিত অসম বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়খনত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত কৰি  প্ৰতিবাদ কৰাৰ পিছতে বিজেপিৰ নেতাজনে বিশ্ববিদ্যালয়খনৰ অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক এক প্ৰকাৰৰ হুমকি দিছিল।

“যিসকলে বিধেয়কখনৰ বিৰোধিতা কৰি এই আন্দোলন কৰিলে, তেওঁলোক বৰাকৰ শত্ৰু। এইটো জঘন্য কাণ্ড। আৰু অসমীয়া ছাত্ৰ-ছাত্ৰীক সাৱধান কৰি দিছো। তোমালোকে কেৱল পঢ়া-শুনা কৰা। ৰাজনীতি জড়িত নহ’বা। নহ’লে ভৱিষ্যতে ইয়াত অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে যাতে নামভৰ্তি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ’ম।” এয়া আছিল তেওঁৰ মূল বক্তব্য। আনহাতে এওঁলোকৰ বিৰুদ্ধে ‘বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যক ব্যৱস্থা ল’বলৈ আৱেদন কৰিছো’ বুলি কৈছিল।

তেওঁৰ এই অগণতান্ত্ৰিক মন্তব্য আৰু ভাবুকিৰ বিৰুদ্ধে আজি কটনিয়ানসকলকে ধৰি কেইবা ঠাইতো দল-সংগঠনবোৰে তেওঁৰ বিৰুদ্ধে থানাত গোচৰ দিয়ে।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

ঘোষণা হ’ল নেপালৰ নতুন প্ৰধানমন্ত্ৰী : ক্ষন্তেক পিছতেই শপত গ্ৰহণ কৰিব প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে

September 12, 2025 8:18 pm
নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

নেপালত ৰাষ্ট্ৰপতিক সাক্ষাৎ সেনা প্ৰধানৰ : অতি সোনকালে হ’ব পাৰে ডাঙৰ ঘোষণা

September 12, 2025 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

শিক্ষা খণ্ডক গেৰুৱাকৰণ কৰাৰ প্ৰয়াস! এন আই টি দুৰ্গাপুৰলৈ স্বামী শংকৰাচাৰ্যক নিমন্ত্ৰণক লৈ বিতৰ্ক

September 12, 2025 9:55 pm
“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

September 12, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd