শিৱসাগৰত পহু খেদা খালে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই ফুৰা বিতৰ্কিত সত্য ৰঞ্জন বৰাই

52002791_2387790644605052_2425234626072018944_o-1140x570

সঘনে সাম্প্ৰদায়িক মন্তব্য কৰি অহা বিজেপি নেতা সত্যৰঞ্জন বৰা শিৱসাগৰৰ দল সংগঠনৰ ৰোষত পৰাৰ ভয়ত পলায়ন কৰে।

আজি শিৱসাগৰলৈ সত্যৰঞ্জন বৰা অহাৰ খবৰ পাই শিৱসাগৰৰ বিভিন্ন জাতীয় দল সংগঠনে আৱৰ্ত ভৱনলৈ যায় যদিও দল সংগঠনৰ প্ৰতিনিধি অহাৰ খবৰ পাই তাৰ পৰা পলায়ন কৰে বিজেপিৰ বহু বিতৰ্কিত নেতা সত্যৰঞ্জন বৰা।

সত্যৰঞ্জন বৰাক নাপায় দ’লমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনা, অসম যুৱ ছাত্ৰ সন্মিলনী, ঐক্য সেনা আৰু উজনি অসম মুছলিম কল্যাণ পৰিষদৰ প্ৰতিনিধিসকলে।

সত্যৰঞ্জন বৰাক নপুংসক আখ্য দিয়ে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই।

আনহাতে শিৱসাগৰ আৰক্ষীক তীব্ৰ সমালোচনা কৰে অসম যুৱ ছাত্ৰ সন্মীলনৰ নেতা জিন্তু মেছ, বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই।

দুয়োটা সংগঠনে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও শিৱসাগৰ আৰক্ষীয়ে বিচাৰি ফুৰা সত্যৰঞ্জন বৰাক নিৰাপত্তা দি শিৱসাগৰত ঘূৰাই ফুৰোৱাৰ অভিযোগ কৰে।

অনাগত দিনত সত্যৰঞ্জন বৰাক সাম্প্ৰদায়িক, সংবিধান বিৰোধী বক্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে অসমৰ যুৱ প্ৰজন্মক নাথুৰাম গডছে আদৰ্শৰে অনুপ্ৰাণিত কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে সংগঠন কেইটাই।