NORTHEAST NOW (Assamese)

উত্তৰপ্ৰদেশত বিজেপি নেতাক গুলিয়াই হত্যা

October 17, 2020 11:32 am · এন ই নাও নিউজ

উত্তৰপ্ৰদেশৰ বিজেপি নেতা ডি কে গুপ্তাক শুকুৰবাৰে অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উত্তৰপ্ৰদেশ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি উত্তৰপ্ৰদেশৰ ফিৰোজাবাদত শুকুৰবাৰে সন্ধিয়া বিজেপি নেতা গৰাকীক দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে।

”গুপ্তাই সন্ধিয়া নিজৰ দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ ওলাইছিল তেনে সময়তে বাইকত উঠি অহা তিনিজন অচিনাক্ত দুৰ্বৃত্তই তেওঁক লক্ষ্য কৰি গুলিবৰ্ষণ কৰে,” আৰক্ষীয়ে এইদৰে কয়।

গুপ্তাৰ পৰিয়ালৰ লোকে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি তিনিজন লোকৰ নাম আৰক্ষীৰ ওচৰত দাখিল কৰিছে।

পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত নাম দিয়া লোক সকলৰ সৈতে পূৰ্বেও কিবা কথাত গুপ্তাৰ বিবাদ হৈছিল বুলি কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও চলিত বৰ্ষত উত্তৰপ্ৰদেশত এগৰাকী বিজেপি নেতাক গুলিয়াই হত্যা কৰা হৈছিল।

উত্তৰপ্ৰদেশ চৰকাৰে আৰক্ষীক ঘটনাৰ উচিত তদন্তৰ বাবে নিৰ্দেশ দিয়াৰ লগতে শীঘ্ৰেই দোষীক কৰায়ত্ত কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আদেশ দিছে।

Related News