বিহাৰত বিজেপি নেতাক গুলীয়াই হত্যা: অভিযুক্ত হত্যাকাৰী পলাতক

BJP Leader Shot Dead in Bihar

বিহাৰৰ এগৰাকী স্থানীয় ভাৰতীয় জনতা পাৰ্টিৰ নেতাক ঘৰৰ বাহিৰতে এক অচিনাক্ত ব্যক্তিয়ে সোমবাৰে গুলীয়াই হত্যা কৰে। এক পুৰণি বিবাদৰ বাবে কাথিহাৰ জিলাৰ বিজেপি নেতা সঞ্জীৱ মিশ্ৰক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে সোমবাৰে কাথিহাৰ জিলাৰ বলৰামপুৰ আৰক্ষী থানা এলেকাত এই হত্যাকাণ্ড সংঘটিত হয়। বিজেপি নেতাগৰাকী নিজৰ ঘৰৰ বাহিৰত থিয় হৈ থকাৰ সময়তে দুই বাইক আৰোহীয়ে তেওঁৰ মূৰত গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

স্থানীয় লোক আৰু পৰিয়ালৰ সদস্যসকল গুলীবৰ্ষণৰ শব্দ শুনি ঘটনাস্থলীত উপস্থিত হৈ মিশ্ৰক তেজেৰে তুমুৰলি অৱস্থাত মাটিত পৰি থকা দেখিবলৈ পায়। তেওঁলোকে ততাতৈয়াকৈ মিশ্ৰক কাষৰ এখন চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইফালে নেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ স্থানীয় লোকসকলে অঞ্চলটোত একত্ৰিত হৈ প্ৰতিবাদ আৰম্ভ কৰে। তেওঁলোকে আনকি ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবীত পথ অৱৰোধ কৰে।

এনে পৰিস্থিতিত আৰক্ষী বাহিনী অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বাধ্য হয়। আনহাতে মৃত সঞ্জীৱ মিশ্ৰৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে অচিনাক্ত অভিযুক্ত হত্যাকাৰী দুগৰাকী বংগ সীমান্ত অতিক্ৰম কৰি আত্মগোপন কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে। আনহাতে পুৰণি বিবাদৰ ফলশ্ৰুতিত বিজেপি নেতাগৰাকীক হত্যা কৰা হৈছে বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে যদিও পৰিয়ালৰ বিবৃতিৰ পিছতহে এই বিষয়ত স্পষ্ট হ’ব পৰা যাব বুলি সদৰী কৰিছে।

উল্লেখ্য যে মিশ্ৰৰ ওপৰত এইয়া প্ৰথম আক্ৰমণ নহয়। ইয়াৰ পূৰ্বেও বিজেপি নেতাগৰাকীক অচিনাক্ত বন্দুকধাৰীয়ে আক্ৰমণৰ কৰিছিল। আৰক্ষীয়ে বৰ্তমান হত্যাকাণ্ড সন্দৰ্ভত তথ্য উদঘাটনৰ বাবে তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিছে।