NORTHEAST NOW (Assamese)

টিহুত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

August 6, 2023 4:41 pm · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে নলবাৰী জিলাৰ টিহুৰ পাগলাদিয়া নদীৰ পাৰত ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতাৰ মৃতদেহ উদ্ধাৰ হয়।

উল্লেখ্য যে দীৰ্ঘ সময় ধৰি নিৰুদ্দেশ হৈ আছিল বিজেপিৰ নেতাজন।

খবৰ অনুসৰি, কন্দৰ্প বৰ্মন নামৰ মৃত নেতাজনৰ ৱেগনাৰ বাহনখন শনিবাৰে পাগলাদিয়া নদীৰ পাৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়।

গাড়ীখন উদ্ধাৰ হোৱা ঠাইৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত নদীৰ সিপাৰে উদ্ধাৰ হয় বৰ্মৰ মৃতদেহটো।

আৰক্ষীয়ে তেওঁক হত্যা কৰি মৃতদেহ নদীৰ কাষত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰি বৰ্মনৰ ডিঙিত আঘাতৰ চিন আছিল। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ ৰক্ষকেই ভক্ষক! খোদ আৰক্ষী বিষয়াই নিৰ্যাতন চলালে শিশু শ্ৰমিকৰ ওপৰত

লগতে পঢ়কঃনৃশংস! চুৰিৰ সন্দেহত দুই শিশুক অকথ্য নিৰ্যাতন; প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰি গুহ্যদ্বাৰত সানি দিলে জলকীয়া

লগতে পঢ়কঃ এনেকুৱাও হয়! পিয়াহত ২০ মিনিটতে খাই পেলালে ২ লিটাৰ পানী; প্ৰাণ হেৰুৱালে মহিলাই

Related News