NRCৰ নামত ধন বিচাৰি মুখ থেকেচা খালে সৰ্বা চৰকাৰে : মহাপঞ্জীয়কে অগ্ৰাহ্য কৰিলে চৰকাৰৰ প্ৰস্তাৱ

Assam-NRC-696x392-1-750x375

ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নীতকৰণৰ বাবে ধন বিচাৰি দিয়া আবেদন খাৰিজ কৰিছে ভাৰতৰ মহাপঞ্জীয়কে।

এনআৰচিৰ মুলতুবী কাম সম্পূৰ্ণ কৰিবলৈ বিত্তীয় সাহায্য অব্যাহত ৰখাৰ বাবে বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰে ভাৰতৰ মহা পঞ্জীয়কলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছিল।

কিন্তু মহা পঞ্জীয়কে অসম চৰকাৰৰ এই অনুৰোধ অগ্ৰাহ্য কৰি ৩১ মাৰ্চলৈ স্থগিত হৈ থকা এনআৰচিৰ কামসমূহ স্থায়ী চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা সম্পূৰ্ণ কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

মহাপঞ্জীয়কৰ মতে অসম চৰকাৰে এনআৰচিৰ উন্নীতকৰণৰ বাবে নিয়োগ কৰা অস্থায়ী কৰ্মচাৰীসকলক অব্যাহতি প্ৰদান কৰি চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা এনআৰচিৰ মুলতুবী কামসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পাদন কৰিব লাগিব।

ইফালে দেশৰ মহাপঞ্জীয়কে পূৰ্বে অসম চৰকাৰক এনআৰচি উন্নীতকৰণৰ বাবে সৃষ্টি কৰা সকলো আন্তঃগাঁথনি আৰু তথ্য ৰাষ্ট্ৰীয় সম্পত্তি হিচাপে কেন্দ্ৰক অপৰ্ণ কৰিবলৈও নিৰ্দেশ দিছিল।

উল্লেখ্য যে বিজেপি নেতৃত্বত অসম চৰকাৰে সমগ্ৰ প্ৰকল্পটোৰ বাবে আৱণ্টিত ১,৬০২.৬৬ কোটি টকাৰ উপৰিও স্থগিত হৈ থকা এনআৰচি কাম সম্পূৰ্ণ কৰিবলৈ অহা ৩১ মাৰ্চৰ পিছত প্ৰতি মাহে অতিৰিক্ত ৩.২২ কোটি টকা বিচাৰিছিল।

মহাপঞ্জীয়ক কাৰ্যালয়ৰ যুটীয়া সঞ্চালক যশপাল সিঙে ২৩ মাৰ্চৰ এখন পত্ৰত অসম সচিব (গৃহ আৰু ৰাজনৈতিক) এছ আৰ ভূঞাক কৈছিল, “এনআৰচি উন্নীতকৰণৰ বাকী থকা সকলো কাম ৩১ মাৰ্চ ২০২১ৰ ভিতৰত আঁচনিখনৰ অনুমোদিত ব্যয়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব আৰু ৩১ মাৰ্চ ২০২১ৰ পিছত আঁচনিখনৰ অধীনত কৰা ব্যয়ৰ বাবে আৰু পুঁজিৰ দিয়াৰ কোনো ব্যৱস্থা নাই।”

ইফালে এনআৰচি প্ৰকল্পটোৰ বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্ধাৰিত সময় আৰু ব্যয়ৰ বাহিৰে অতিৰিক্ত সময় আৰু ব্যয়ৰ কোনো প্ৰস্তাৱ লোৱা হোৱা নাই। মহাপঞ্জীয়কৰ কাৰ্যালয়ে লগতে কয় যে এনআৰচিৰ কামৰ বাবে উন্নতমানৰ ছফ্টৱেৰৰ প্ৰয়োজনীয়তা মূল্যয়ান কৰা হ’লেও অপ্ৰয়োজনীয় ছফ্টৱেৰৰ নৱীকৰণ তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আনহাতে ২০২১ চনৰ ৩১ মাৰ্চৰ পিছত অসম চৰকাৰে প্ৰতি মাহে ৩.২২ কোটি টকাৰ পুঁজিৰ যি প্ৰয়োজনীয়তা আছে বুলি কৈছে ‘সেই পৰিমাণ প্ৰয়োজনতকৈ অত্যধিক’ বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।