ৰাজ্যসভাত বৰ্তমান আসন বৃদ্ধি পালেও চিন্তামুক্ত নহয় বিজেপি; কিন্তু কিয়?

161531-modi-sha

প্ৰধান মন্ত্ৰী মোদীৰ সৈতে অমিত শ্বাহ। ফাইল ফটো

চলিত মাহৰ শেহৰ পিনে ৰাজ্যসভাৰ মুঠ ৫৫ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। দেখা গৈছে যে এই নিৰ্বাচনৰ পাছত বিজেপি ৰাজ্যসভাত প্ৰায় সংখ্যা গৰিষ্ঠ হোৱাৰ দিশে আগবাঢ়িব।

কিন্তু, তথাপি চিন্তা মুক্ত নহয় বিজেপি। ইয়াৰ বাবে ৰাজ্যসভাৰ খালী আসনত বিজেপিৰ অংকৰ সমীকৰণ এবাৰ বিশ্লেষণ কৰি চালেই বুজিব পৰা যাব।

২০২২ৰ জুলাই মাহৰ ভিতৰত ৰাজ্যসভাত আশীখনতকৈয়ো অধিক আসন খালী হ’ব। ইয়াৰ ভিতৰত মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, ঝাৰখণ্ডৰ দৰে ৰাজ্য বিজেপিৰ পৰা ওলাই গৈছে।

মহাৰাষ্ট্ৰতো বিজেপি এতিয়া বিৰোধীৰ আসনত। স্বাভাৱিকতে এই ৰাজ্যসমূহত বিজেপিৰ আসন কমিব।

আনহাতে, ২০২২ৰ পূৰ্বে অসম, বিহাৰ, তামিলনাডু, কেৰালা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড,পশ্চিমবংগ আৰু পঞ্জাৱৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিজেপিৰ চিন্তা হৈছে ৰাজ্যসমূহৰ নিৰ্বাচনত পৰাজয় ৰোধ কৰিব নোৱাৰিলে ৰাজ্যসভাত তাৰ ফল ভোগ কৰিব লাগিব।

ইপিনে, মোদী চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিধেয়কসমূহ গৃহীত কৰাৰ উপযুক্ত সময় হৈছে পৰৱৰ্তী দুই বছৰ।

দলটোৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমান গৃহ মন্ত্ৰী অমিত শ্বাহে সম্পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হোৱাৰ পাছতো দিল্লীত বিজেপিয়ে মুখ থেকেচা খোৱাৰ পাছত দলটোৰ শংকা বৃদ্ধি পাইছে।

বৰ্তমান সময়ত কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ বিকল্প নাই যদিও ৰাজ্যসমূহত বিজেপিৰ স্থিতি সবল কৰি তুলিব নোৱাৰিলে ৰাজ্যসভাত বিৰোধীৰ শক্তি আৰু বৃদ্ধি পাব।

পশ্চিমবংগকে ধৰি ১৭খন ৰাজ্যৰ ৫৫খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে আৰু চলিত বছৰৰ শেহৰফালে আৰু কেইখনমান আসনৰ বাবে ভোট হ’ব।

ৰাজ্যসভাত ২৪৫ খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ বাবে লাগে ১২৩ খন আসন। চলিত বছৰৰ নিৰ্বাচনত এই সংখ্যা প্ৰায় বিজেপি স্পৰ্শই কৰিব। তদুপৰি, বিজেডি, টি আৰ এছ,এআইএছআৰৰ দৰে মিত্ৰ দলবোৰৰ সমৰ্থন আছেই।

পিচে, অহা বছৰ জম্মু-কাশ্মীৰ, কেৰালা আৰু পুডুচেৰীৰ ৮খন আসন আৰু ২০২২ত ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, মহাৰাষ্ট্ৰ, অসম, পঞ্জাৱ, উৰিষ্যাৰ দৰে কেইবাখনো ৰাজ্যৰ মুঠ ৭৫খন আসনৰ বাবে নিৰ্বাচন হ’ব।

উল্লেখযোগ্য যে উক্ত ৰাজ্যসমূহৰ ভিতৰত অসমক বাদ দি বাকী আটাইকেইটা ৰাজ্যই বিৰোধীৰ হাতত।

দলটোৱে ৰাজ্যসমূহত থকা বৰ্তমানৰ স্থিতি অনুযায়ী ৰাজ্যসমূহত বিজেপিৰ বহু কেইখন আসন হ্ৰাস পাব।

আনহাতে, চলিত বছৰৰ শেহৰ পিনে বিহাৰ, অহা পশ্চিমবংগ, অসম, কেৰালা, পুডুচেৰীৰ পাছত ২০২২ত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু গোৱাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

এই ৰাজ্যসমূহৰ নিৰ্বাচনী ফলাফলৰ ওপৰত ৰাজ্যসভাৰ স্থিতি বহুখিনি নিৰ্ভৰ কৰিব। ক’বলৈ গ’লে ২০২২ৰ পাছতেই বিজেপিৰ ৰাজ্যসভাত স্থিতি স্পষ্ট হ’ব।