Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states বিগত দিনত দেশখনৰ বহুতো ৰাজ্য বিভক্ত হৈছে। উত্তৰাখণ্ড উত্তৰপ্ৰদেশৰ পৰা পৃথক হোৱাৰ বিপৰীতে মধ্য প্ৰদেশৰ পৰা পৃথক হৈছে ছত্তীশগড়। তেলেংগানা কেইবছৰমান আগতে অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক হৈছিল।

আন বহুতো ৰাজ্যত শেহতীয়াকৈ একোখন পৃথক ৰাজ্যৰ দাবী উত্থাপিত হৈছে। কৰ্ণাটকৰ বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰী উমেশ কাট্টিয়ে ইয়াৰ মাজতে এক  বিস্ফোৰক দাবী কৰিছে। কাট্টিয়ে দাবী কৰে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য থাকিব।

লগতে পঢ়ক: Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য গঠন কৰাৰ সিদ্ধান্ত লৈছে। মই গম পাইছো যে তেওঁ এইবিষয়ে চিন্তা কৰি আছে।‘’ কাট্টিয়ে লগতে দাবী কৰে যে তেওঁৰ গৃহ ৰাজ্য কৰ্ণাটককো দুটা ভাগত বিভক্ত কৰা হ’ব।

তেওঁৰ মতে “কৰ্ণাটকক দুখন পৃথক ৰাজ্যত বিভক্ত কৰিব লাগে, উত্তৰ প্ৰদেশক চাৰিখনত ভগাব লাগে আৰু সেইদৰে মহাৰাষ্ট্ৰক তিনিখন ৰাজ্যত ভাগ কৰিব লাগে।‘’ কাট্টিৰ দাবী, “ডাঙৰ ৰাজ্যবিলাকক বিভক্ত কৰাৰ ধাৰণাটো ভাল।‘’

তেওঁ যুক্তি আগবঢ়াই কয় যে বিগত বছৰবোৰত জনসংখ্যাৰ বোজা বৃদ্ধি পাইছে। কাট্টিৰ মতে ৰাজ্যখনৰ জনসংখ্যা ৬০ বছৰত দুই কোটিৰ পৰা ৬.৫ কোটিলৈ বৃদ্ধি পাইছে। যদি জনসংখ্যা এই হাৰত বৃদ্ধি হয় তেন্তে কিছুমান সমস্যা আছে। সকলো ঠাইকে বিকশিত কৰা প্ৰয়োজন। গতিকে উত্তৰ কৰ্ণাটক এখন ৰাজ্য হ’ব লাগে আৰু তাতো উন্নয়ন হোৱা উচিত। আমি কানাড়া হিচাপে বসবাস কৰি থাকিম কিন্তু ৰাজ্যখন (উত্তৰ আৰু দক্ষিণ কৰ্ণাটক) বিভক্ত হ’লে কোনো ক্ষতি নাই।

লগতে পঢ়ক: India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

কাট্টিৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়ে কয় যে উত্তৰ কৰ্ণাটকত এখন পৃথক ৰাজ্যৰ বাবে চৰকাৰী পৰ্যায়ত কোনো প্ৰস্তাৱ নাই। লক্ষ্যণীয় কথাটো হ’ল যে কাট্টিয়ে ইয়াৰ আগতেও কেইবাবাৰো ৰাজ্যখনৰ বিভাজন বিচাৰি মাত মাতিছিল।