বিশ্বনাথৰ ৰাজপথৰ পৰা বিজেপিৰ বিধায়ক উৎপল বৰাক পহু খেদা জাতীয় দল-সংগঠনৰ

Biswanath

ৰাজ্যসভাত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাৰ আনন্দত বিশ্বনাথত বিভিন্ন জাতীয় দল-সংগঠনে আনন্দ উল্লাস কৰি থকাৰ মাজতে গহপুৰৰ বিধায়ক উৎপল বৰা সেই স্থানত উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

উল্লেখযোগ্য যে ৰাজ্যসভাত বিধেয়কখন উত্থাপন নোহোৱাকলৈ আজি বিধেয়ক বিৰোধী বিভিন্ন জাতীয় দল-সংগঠনৰ সদস্যই বিশ্বনাথ নগৰৰ মাজমজিয়ত আতচবাজী ফুটাই বিহু নৃত্যৰে আনন্দ-উল্লাস প্ৰকাশ কৰে।

ৰাইজৰ আনন্দ-উল্লাস চলি থকাৰ সময়তে গহপুৰ অভিমূখে নিজৰ ক’লা ৰঙৰ বলেৰ গাড়ীৰে আহি থকা বিজেপিৰ বিধায়ক উৎপল বৰা সেই স্থানত উপস্থিত হয়। আৰু ইয়াৰ লগে লগে ঠাইখিনিত উপস্থিত থকা ৰাইজৰ লগতে দল-সংগঠনৰ সদস্যই বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, প্ৰমোদ বৰঠাকুৰ মুৰ্দাবাদ, উৎপল বৰা মুৰ্দাবাদ, উৎপল বৰা গ’ বেক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

বিধায়ক গৰাকীৰ গাড়ীৰ আগফালে আগচি ধৰি সংগঠন সমূহৰ সদস্যসকলে প্ৰতিবাদ কৰিবলৈ ধৰাত পৰিস্হিতি ইমানেই উত্তপ্ত হৈ উঠে যে সেই স্থানত উপস্থিত থকা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতিয়ো লাগে।

কিন্তু ইয়াৰ পিছতো কোনো পধ্যে প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী সক্ষম নহ’ল। অৱশেষত বিধায়ক উৎপল বৰাই নিজৰ গাড়ী বেক কৰি সেই স্থানৰ পৰা পলাই পতলং দিবলৈ বাধ্য হয়।