দলৰ নিৰ্দেশতেই বিধায়ক শিলাদিত্যই বিতৰ্কিত মন্তব্য কৰে : কংগ্ৰেছ

ৰাইজক দেখুৱাবলৈহে দলৰ সভাপতিয়ে বিধায়কজনক সকীয়নি দিছে : অপূৰ্ব ভট্টাচাৰ্য্য

Congress_Apurba Bhatta

৪ নৱেম্বৰ ৰাজীৱ ভৱনত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য।

বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবৰ মন্তব্যক লৈ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা হৈ থকাৰ সময়তে বিধায়কজনক বিতৰ্কিত তথা উচটনিমূলক মন্তব্য বিজেপিৰ নিৰ্দেশতেই দিয়ে বুলি অভিযোগ আনিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে।

“দলে তেওঁক এই ধৰণৰ মন্তব্য কৰিবলৈ সেউজ সংকেত দি থৈছে।” দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেলত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই।

উল্লেখযোগ্য উচটনিমূলক মন্তব্য নকৰিবলৈ বিধায়কজনক ইতিপূৰ্বে দুবাৰকৈ সকীয়াই দিয়া বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰকাশ কৰিছে। কিন্তু নিজ দলৰ সভাপতিৰ সকীয়নিয়েও বিধায়কজনৰ মুখত লেকাম লগাবলৈ সক্ষম হোৱা নাই।

“দলৰ ৰাজ্যিক সভাপতিজনে বিধায়কজনক সকীয়নি দিছে যদিও সেয়া ৰাইজক দেখুৱাবলৈহে।” সংবাদমেলত এইদৰে কয় অপূৰ্ব ভট্টাচাৰ্য্যই।

“শিলাদিত্য দেবে বিজেপিৰ নিৰ্দেশমতেই উচটনিমূলক মন্তব্য কৰে, সেইবাবেই তেওঁৰ বিৰুদ্ধে বিজেপিয়ে ব্যৱস্থা গ্ৰহণ নকৰে। তাৰ সলনি তেওঁৰ এছক’ৰ্ট পাইলটৰ সংখ্যা বঢ়াই দি আৰু তেনে মন্তব্য কৰি থাকিবলৈ সুবিধাহে কৰি দিছে।”

ভট্টাচাৰ্যই লগতে ধলাৰ হত্যাকাণ্ডৰ পাছত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তৰ দৰে শিলাদিত্য দেব, ৰঞ্জিত দাস, ৰাজেন গোহাঁই আদি নেতাসকলকো কিয় এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু তেওঁলোকক শাস্তি বিহিবলৈ বেলেগ আইনৰ প্ৰয়োজন হ’ব নেকি বুলিও মন্তব্য কৰে।

একেটা প্ৰসংগতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি কয়, “হিন্দু বাংলাদেশীক বৰপীৰা পৰি আদৰিবলৈ অভিনয় কৰি থাকোতেই আজি ভাৰতীয় হিন্দু বাঙালীৰ তেজেৰে অসমী আই ৰক্তাক্ত হৈছে। নিৰীহ মানুহক প্ৰতিশোধৰ লক্ষ্য লৈ বিজেপিৰ সভাপতি, বিধায়ক, সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ উচটনিৰ বিৰুদ্ধে ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে মুখ্য মন্ত্ৰী সোণোৱালে।”

ইয়াৰ উপৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকলাপত এতিয়া দলটো গণৰোষত পৰাৰ ভয়ত ভাৰসাম্য হেৰুৱাই পেলোৱা বুলিও ভট্টাচাৰ্যই মন্তব্য কৰে।