NORTHEAST NOW (Assamese)

ৰাজ্যিক নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশেৰে সকলোকে আচৰিত কৰি হঠাৎ পদত্যাগ বিজেপি বিধায়কৰ

January 23, 2020 8:27 am · এন ই নাও নিউজ
Updated: January 25, 2020 2:49 pm

ৰাজ্যিক দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি গুজৰাটৰ চাভলি সমষ্টিৰ বিজেপি বিধায়ক কেতন ইনামদাৰে বুধবাৰে বিধানসভাৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

পদত্যাগ পত্ৰখনত বিজেপি বিধায়ক গৰাকীয়ে বিজেপিৰ জ্যেষ্ঠ নেতৃত্বই তেওঁক আৰু তেওঁৰ সমষ্টিৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে।

জেষ্ঠ নেতৃত্বৰ এনে অবজ্ঞাৰ ফলশ্ৰুতিত দলত থকা তেওঁৰ দৰে বিধায়কসকলে অশান্তি ভোগ কৰিবলগীয়া হৈছে বুলিও ইনামদাৰে পদত্যাগ পত্ৰখনত উল্লেখ কৰে।

আনহাতে, বিজেপি বিধায়ক গৰাকীৰ পদত্যাগ পত্ৰৰ পাছতে কংগ্ৰেছ দলে তেওঁক বিৰোধী শিবিৰত আসন গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে যদিও বিজেপিয়ে ইনামদাৰক পুনৰ দললৈ ঘুৰাই অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

বিজেপি বিধায়কগৰাকীয়ে ৰাজ্যিক শীৰ্ষ নেতৃত্বই তেওঁক বহুবাৰ ইতিকিং কৰা বুলিও অভিযোগ উত্থাপন কৰিছে।

‘‘বিজেপি নেতৃত্ব আৰু বিষয়া সকলৰ স্বভাৱ লগতে মোক আৰু মই নিৰ্বাচিত হৈ থকা সমষ্টিবাসীক কোনোধৰণৰ গুৰুত্ব নিদিয়া বাবে মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছো,’’ বিজেপি বিধায়ক গৰাকীয়ে পত্ৰখনত এনেদৰে লিখে।

ইনামদাৰে গুজৰাট বিধানসভাৰ অধ্যক্ষ ৰাজেন্দ্ৰ ত্ৰিবেদীৰ লগতে মুখ্য মন্ত্ৰী বিজয় ৰূপানী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি জিতু ভাগানীলৈও পদত্যাগ পত্ৰখন প্ৰেৰণ কৰে।

ইনামদাৰে প্ৰথমবাৰৰ বাবে ২০১২ চনত চাভলি সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত বিজয়ী হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিছিল।

২০১৭ চনত তেওঁ বিজেপিৰ প্ৰাৰ্থী ৰূপে দ্বিতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়।

১৮২ আসন বিশিষ্ট গুজৰাট বিধানসভাত বৰ্তমান বিজেপিৰ ১০৩ গৰাকী বিধায়ক থকাৰ বিপৰীতে কংগ্ৰেছৰ ৭৪ গৰাকী বিধায়ক আছে।

Related News